
শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ সম্পত্তিক লৈ ৰাজনৈতি (Politics over property)ক আক্ৰমণ-প্ৰত্যাক্ৰমণ তুংগত আছে। এফালে কংগ্ৰেছে মুখ্যমন্ত্ৰী তথা তেওঁৰ পৰিয়ালৰ ১২০০০ বিঘা বেনামী ভূমি থকাৰ মুকলি অভিযোগ, আনফালে ইয়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ৫০০ কোটি টকাৰ মানহানিৰ গোচৰ। তাৰ মাজতে এই সন্দৰ্ভত আদালতে দিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ। মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত (Regarding the Chief Minister’s assets) কোনো মন্তব্য কৰিব নোৱাৰিব (Cannot comment) প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ (Gourav Gogoi)য়ে। মুখ্যমন্ত্ৰীৰ মানহানিৰ গোচৰত আদালতে এই গুৰুত্বপূৰ্ণ নির্দেশ দিয়ে। কামৰূপ মহানগৰ চিভিল ন্যায়াধীশ (ছিনিয়ৰ ডিভিজন) নয়ন জে শৰ্মাৰ আদালতে মুখ্যমন্ত্ৰীৰ মানহানিৰ গোচৰৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশনা জাৰি কৰে। নিৰ্দেশনাটোত কোৱা হৈছে যে এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত মন্তব্য কৰিব নোৱাৰিব গৌৰৱ গগৈয়ে৷ লগতে কংগ্ৰেছৰ দুই ৰাষ্ট্ৰীয় নেতা জীতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেললৈও ন্যায়ালয়ে একে নির্দেশ দিছে৷

আনহাতে, এই মানহানি গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে ৯ মাৰ্চ। ৯ মাৰ্চত গৌৰৱ গগৈকে ধৰি ৭ জনক আদালতত সোঁশৰীৰে উপস্থিত হোৱাৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই কয় যে কংগ্ৰেছ দলে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ ১২০০০ বিঘা মাটি থকাৰ তথ্য ভুল আৰু মনেসজা। এই কথা মুখ্যমন্ত্ৰীয়ে আদালতত জনাইছে। তেওঁৰ যদি ক’ৰবাত বেনামী সম্পত্তি আছে তেন্তে কংগ্ৰেছে তথ্য-প্ৰমাণসহ আদালত দেখুৱাব লাগে। মুখ্যমন্ত্ৰীয়ে এটা প্ৰত্যাহ্বান জনাইছে যে গৌৰৱ গগৈ, ভূপেশ বাঘেল আৰু জীতেন্দ্ৰ সিঙকে ধৰি যিসকলে এই বিষয়টো উত্থাপন কৰিছে তেওঁলোকে আদালতত সেয়া প্ৰমাণ কৰিব লাগে। তাৰ বাবেই সেয়ে মুখ্যমন্ত্ৰী আদালতলৈ গৈছে৷ লগতে কংগ্ৰেছৰ এই বিষয়টো দাঙি ধৰা ৰাজ্যৰ এখন আগশাৰীৰ বাতৰিকাকতৰ স্বত্ত্বাধিকাৰী আৰু প্ৰকাশক তথা সম্পাদককো আদালতে তলৱ কৰিছে। লগতে মুখ্যমন্ত্ৰীৰ সম্পত্তি বিষয়ক বাতৰি পৰিবেশন কৰাত বাধা আৰোপ কৰিছে।













