
পক্সো (POCSO) গোচৰত নিম্ন আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি (Life imprisonment) প্ৰদান কৰিছিল এগৰাকী ব্যক্তিক। ৫ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত (crime of sexual assault) দোষী সাব্যস্ত হয় এজন ২০ বছৰীয়া যুৱক। বম্বে উচ্চ ন্যায়ালয়ে (Bombay High Court) পক্সো আদালতৰ ৰায়দানত কোনো ভুল নাই বুলি জানিও দোষীজনৰ শাস্তি হ্ৰাস (Sentence reduction) কৰে। কাৰণ ধৰ্ষণকাৰীয়ে মহাত্মা গান্ধীৰ ওপৰত প্ৰবন্ধ (Essay on Mahatma Gandhi) লিখে। কাৰাগাৰত থকাৰ সময়ত তেওঁ বিভিন্ন প্ৰতিযোগিতাত ভাল প্ৰদৰ্শন কৰে।
কিছুদিন পূৰ্বে বম্বে উচ্চ ন্যায়ালয়ে মহাৰাষ্ট্ৰৰ ঘাটকোপাৰ অঞ্চলৰ এজন যুৱকৰ গোচৰৰ শুনানি গ্ৰহণ কৰিছিল। উচ্চ ন্যায়ালয়ক দিয়া তথ্য অনুসৰি, ২০১৬ চনৰ ডিচেম্বৰ মাহত যুৱকজনে চুবুৰীয়াৰ ৫ বছৰীয়া কন্যা সন্তানক ধৰ্ষণ কৰিছিল। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। চাৰি বছৰ ধৰি পক্সো আদালতত গোচৰ চলি থকাৰ পিছত ২০২০ চনত তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

কিন্তু ৰায়দানত কোনো ভুল নাই বুলি কোৱাৰ পাছতো বম্বে উচ্চ ন্যায়ালয়ে দোষীজনৰ শাস্তিৰ ম্যাদ হ্ৰাস কৰে। ন্যায়াধীশসকলে নিৰ্দেশ দিয়ে যে দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ পৰিৱৰ্তে ১২ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হ’ব।
বাদীজনৰ অধিবক্তাই উচ্চ ন্যায়ালয়ক কেইবাটাও তথ্য প্ৰদান কৰে। তেওঁলোকে কয় যে তেওঁলোকৰ ক্লায়েণ্টে কাৰাগাৰত থকাৰ সময়ত কেইবাখনো সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। পুনেৰ তিলক মহাৰাষ্ট্ৰ বিদ্যাপীঠৰ পৰা তেওঁ গ্ৰন্থ সমালোচনাৰ প্ৰমাণ-পত্ৰও লাভ কৰে। মুম্বাইৰ ৰামচন্দ্ৰ ইনষ্টিটিউটৰ পৰা ৰচনা প্ৰতিযোগিতাত লিখি তেওঁ প্ৰমাণ-পত্ৰ লাভ কৰে। ইয়াৰ পিছতে মুম্বাই সৰ্বোদয় মণ্ডল সংগঠনে অভিযুক্তক প্ৰমাণ-পত্ৰ প্ৰদান কৰে। য’ত তেওঁ মহাত্মা গান্ধীৰ পৰীক্ষা-নিৰীক্ষা আৰু চিন্তাৰ ওপৰত এক দীঘলীয়া প্ৰবন্ধ লিখিছিল। এটা পৰীক্ষাৰো আয়োজন কৰা হৈছিল আৰু তাত তেওঁ সসন্মানে উত্তাৰ্ণ হয়।
বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সাৰং কোটৱাল আৰু ন্যায়াধীশ সন্দেশ পাটিলৰ বিভাগীয় বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে কাৰাগাৰত থকা অৱস্থাত আবেদনকাৰীয়ে কোনো ধৰণৰ সমস্যাত লিপ্ত হোৱা নাছিল। ইয়াৰ বিপৰীতে ইখনৰ পিছত সিখন সাংস্কৃতিক প্ৰতিযোগিতাত তেওঁ ভাল প্ৰদৰ্শন কৰিছিল। ইয়াৰ বাহিৰেও তেওঁ এবাৰো জামিন লাভ কৰা নাই। কৰোণাৰ সময়তো তেওঁ জে’লত আছিল। ইতিমধ্যে ৯ বছৰ কাৰাবাস কটাবলগীয়া হৈছে ধৰ্ষণৰ দোষীগৰাকীয়ে। তিনি বছৰৰ মূৰত মুকলি কৰি দিয়াৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ। ন্যায়াধীশ দুগৰাকীয়ে কয়, “গোচৰৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি নূন্যতম শাস্তি ১০ বছৰ হ’ব লাগে। আমাৰ মতে দোষীৰ শাস্তি ১২ বছৰৰ কাৰাদণ্ডৰ পিছত সম্পূৰ্ণ হ’ব।”










