
মঙলবাৰে প্ৰকাশ পালে অসমৰ ১২৬ টা (126 of Assam) বিধানসভা সমষ্টি (Legislative Assembly Constituency)ৰ চূড়ান্ত ভোটাৰ তালিকা (Final voter list)। ভোটাৰ তালিকাৰ বিশেষ সংশোধনী (এছ আৰ) ২০২৬ৰ পিছত ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰে চূড়ান্ত ভোটাৰ তালিকা। এই সন্দৰ্ভত অসমৰ যুটীয়া নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰা বিবৃতিৰ তথ্য অনুসৰি ইয়াৰ পূৰ্বে প্ৰকাশিত খচৰা ভোটাৰ তালিকাৰ ২,৫২,০১,৬২৪ গৰাকী ভোটাৰৰ বিপৰীতে চূড়ান্ত ভোটাৰ তালিকাত থকা মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৪৯,৫৮,১৩৯ গৰাকী। আনহাতে, খচৰা তালিকাত পুৰুষ ভোটাৰৰ সংখ্যা আছিল ১,২৫,৭২,৫৮৩ গৰাকী আৰু চূড়ান্ত ভোটাৰ তালিকাত মুঠ পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ১,২৪,৮২,২১৩ গৰাকী। একেদৰে

খচৰা ভোটাৰ তালিকাত থকা ১,২৬,২৮,৬৬২ গৰাকী মহিলা ভোটাৰৰ বিপৰীতে চূড়ান্ত ভোটাৰ তালিকাত মহিলা ভোটাৰৰ সংখ্য হৈছে ১,২৪,৭৫,৫৮৩ গৰাকী। আনহাতে, খচৰা তালিকাৰ তৃতীয় লিংগৰ ভোটাৰ ৩৭৯ গৰাকীৰ বিপৰীতে চূড়ান্ত ভোটাৰ তালিকাত এই সংখ্যা হৈছে ৩৪৩ গৰাকী। ইফালে ৰাজ্যিক যুটীয়া মুখ্য নির্বাচনী বিষয়াই কোনো লোকৰ ওজৰ-আপত্তি থাকিলে আয়োগৰ ওচৰত নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে আপীল কৰিব পাৰিব বুলি জনাইছে। এই সন্দৰ্ভত ১৫ দিনৰ ভিতৰত জিলা দণ্ডাধীশ বা প্রয়োজন হ’লে ৩০ দিনৰ ভিতৰত মুখ্য নির্বাচনী বিষয়াৰ ওচৰত তেওঁলোকে আপীল কৰিব পাৰিব।











