
এইবাৰ উচ্চতম ন্যায়ালয়ত উপনীত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ শেহতীয়া এক বিষয়। উচ্চতম ন্যায়ালয়ত দাখিল (Filed in the Supreme Court) কৰা হৈছে জনস্বাৰ্থ জড়িত গোচৰ (Case involving public interest)ৰ আবেদন। আবেদনকাৰীৰ আবেদন অনুসৰি, মুখ্যমন্ত্রী বা আন মন্ত্রীয়ে কৰা মুছলমান বিৰোধী মন্তব্য (Anti-Muslim comment) সাংবিধানিক কর্তব্য উলংঘাৰ উদাহৰণ৷ দেশৰ শীর্ষ আদালতত দাখিল কৰা গোচৰটোত আবেদনকাৰীসকলে এনেধৰণৰ মুছলমান বিৰোধী মন্তব্য সাংবিধানিক মূল্যবোধৰ বিৰুদ্ধে বুলি আবেদন জনাইছে৷ ই চৰকাৰী উচ্চ পদস্থ বিষয়াৰ কৰ্তব্যক ভেঙুচালি কৰে বুলিও উল্লেখ কৰা হৈছে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি এক গোচৰ ৰুজু কৰিছে সমাজকৰ্মীসকলে। জানিব পৰা মতে, কেৱল অসমৰ মুখ্যমন্ত্ৰীয়ে নহয়, বিভিন্ন সময়ত বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্রীসকলে দিয়া কেইবাটাও মন্তব্য আবেদনখনত উদাহৰণ হিচাপে লৈ ‘উচটনিমূলক’ বুলি তালিকাভুক্ত কৰা হৈছে৷
যদিও আন নেতা, মন্ত্ৰী বা চৰকাৰী উচ্চ পদস্থ বিষয়াৰ বক্তব্য দিয়া বুলি কোৱা হৈছে, তথাপিও হিমন্ত বিশ্ব শৰ্মাৰ ভিডিঅ’ ৰাজহুৱা হোৱাৰ পিছতহে এই গোচৰ ৰুজু কৰা হয়। অসম বিজেপিৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰা পোষ্ট কৰা এটা ভিডিঅ’ক লৈ শনিবাৰৰ পৰা বিতৰ্ক আৰম্ভ হয়। অৱশ্যে বিতৰ্ক আৰম্ভ হোৱাৰ কিছু সময়ৰ পিছতে বিজেপিয়ে ছ’চিয়েল মিডিয়াৰ পৰা ভিডিঅ’টো ডিলিট কৰে।

কিন্তু তাৰ পিছতো বিতৰ্কই পিছ এৰা নাই। শনিবাৰে এই ভিডিঅ’টোৰ পৰিপ্ৰেক্ষিতত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে। হায়দৰাবাদৰ সাংসদগৰাকীয়ে দাবী কৰে, “এনে ঘৃণা আৰু গণহত্যামূলক বক্তব্য এতিয়া স্বাভাৱিক কথা হৈ পৰিছে, যিটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক।” হিমন্তই মুছলমান সমাজৰ আৱেগক আঘাত কৰা বুলি অভিযোগ উত্থাপন কৰে ওৱেইছিয়ে। তেওঁ দাবী কৰে যে বিগত কিছু বছৰ ধৰি হিমন্ত বশ্ব শৰ্মাই বিভিন্ন অনুষ্ঠানত এনে মন্তব্য কৰি আহিছে।
ইফালে থানাত এজাহাৰ দাখিলৰ বিষয়টো পোহৰলৈ অহাৰ পিছতে মুখ্যমন্ত্ৰীয়ে তেওঁক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাইছে। সংবাদ সংস্থা এ এন আইৰ এক প্ৰতিবেদন অনুসৰি, মুখ্যমন্ত্ৰীয়ে কয়, “মই জে’ললৈ যাবলৈ সাজু। যদি তেওঁ (ওৱেইছি) মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে, তেন্তে মোক গ্ৰেপ্তাৰ কৰক। মোৰ কোনো আপত্তি নাই।” লগতে তেওঁ কয় যে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত তেওঁ নিজৰ স্থিতিত দৃঢ়তাৰে থাকিব।












