
মঙলবাৰৰ পৰা আৰম্ভ হ’ব এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC Exam)। এই পৰীক্ষা ১০ ফেব্ৰুৱাৰীৰ (10 February) পৰা আৰম্ভ ২৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব। এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব ৪,৩৮,৫৬৫ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে ভিতৰত ছাত্ৰ সংখ্যা ১,৯০,২৪৩ জনৰ বিপৰীতে ২,৪৮,৩২২ গৰাকী ছাত্ৰী৷ ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ তথ্য অনুসৰি এইবাৰ ৰাজ্যৰ মুঠ ১,০৪৬ টা পৰীক্ষা কেন্দ্রত অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা। আনহাতে, উত্তৰ বহী মূল্যায়ন হ’ব ৪৫ টা মণ্ডলত।

আনহাতে, ১১ ফেব্ৰুৱাৰী, বুধবাৰৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ (HS Exam) চূড়ান্ত বৰ্ষৰ পৰীক্ষা। এই পৰীক্ষা ১৬ মাৰ্চলৈ অনুষ্ঠিত হ’ব। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত কলা, বাণিজ্য, বিজ্ঞান আৰু বৃত্তিমুখী শাখাত অৱতীৰ্ণ হ’ব মুঠ ৩,৩০,৭৪৪ গৰাকী পৰীক্ষাৰ্থী। আনহাতে, ৮২১ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব এই পৰীক্ষা। এইবাৰ কলা শাখাত ২,৪৭,৮৬৫ গৰাকী, বিজ্ঞান শাখাত ৬১,৫৬৮ গৰাকী, বাণিজ্য শাখাত ১৯,৮০৬ গৰাকী আৰু বৃত্তিমুখী শাখাত ১,৫০৫ গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ’ব। আনহাতে, মুঠ ৪৮ টা মণ্ডলত উত্তৰ বহীসমূহ মূল্যায়ন কৰা হ’ব।












