
অসমৰ কাব্য জগত তথা এমেচাৰ নাট জগতৰ মহীৰূহ তথা বোকাখতীয়া শিপাৰ ৰফিকুল হোছেইনৰ মহাপ্ৰয়াণত ৰাজ্যজুৰি শোকাকুল হৈছে গুণমুগ্ধ।

শোকস্তব্ধ হৈছে অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা তথা বোকাখাত সন্তান “নেত্ৰ কাইটি” খ্যাত অৰুণ হাজৰিকা। এক শোকবাৰ্তাত হাজৰিকাই প্ৰয়াত হোছেইনক “আদি গুৰু” বুলি উল্লেখ কৰি কয় যে আজিৰ দিনটোত তেওঁ বৰ দুঃখিত। ।
“আদি গুৰু” লৈ সম্বোধন কৰা শোকবাৰ্তাটিত তেওঁ কয় যে “আজি ফেব্ৰুৱাৰী মাহ, ২০২৬। বছৰটোৰ আৰম্ভণিৰ প্ৰাকক্ষণত ভবা যায় যে সকলোৰে মংগল হ ওক, সকলো মানুহ সুখে শান্তিৰে থাকক। প্ৰত্যেকে প্ৰত্যেকক শুভকামনা জনায়। কিন্তু আজি ভাবিছোঁ আমাৰ নিচিনা নি:কিন প্ৰাণীৰ শুভকামনাৰ একো অৰ্থ নাই”।
শোকবাৰ্তাটোত হাজৰিকাই তেওঁৰ অভিনয় জীৱনত প্ৰয়াত ৰফিকুল হোছেইনৰ ভূমিকা স্মৰণ কৰি কয় যে “অসমৰ এজন অপেচাদাৰী, আপোচবিহীন নাট্যকৰ্মী, যাৰ হাতত ধৰি মই এই শিল্পকৰ্মৰ ক্ষেত্ৰখনত আত্মনিয়োগ কৰিলোঁ- নিজকে নাট্যকৰ্মী বুলি সততাৰে কাম কৰিবলৈ ল’লোঁ, নিজকে অভিনয় শিল্পী হিচাবে নিয়োগ কৰিবলৈ আত্মবিশ্বাস গঢ়ি তুলিলোঁ, যাৰ সহযোগত অসমৰ গাঁৱে ভূঞে মই প্ৰশিক্ষক, নাট পৰিচালক হ’বলৈ সাহস গোটালোঁ- সেই নাট্যকৰ্মীজন আজি নাই। তেওঁ মোৰ আদি গুৰু শ্ৰদ্ধাৰ ৰফিকুল হোছেইন”।
শোকবাৰ্তাত শোকাকুল হৈ পৰা হাজৰিকাই পুনৰ কয় যে “আমি অসমবাসীয়ে তেখেতৰ নাম লৈ গৰ্ব কৰোঁ। তেখেতক বুকুৰ মাজত ৰাখি শ্ৰদ্ধা কৰোঁ। আজি হঠাৎ তেখেতৰ বিয়োগৰ খবৰটো পাই মই মৰ্মাহত। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। ৰফিকুলদা, আপুনি মোৰ সদায় আদি গুৰু হৈ থাকিব”। প্ৰয়াত ৰফিকুল হোছেইনৰ সৈতে কটোৱা সুন্দৰ সময়ৰ স্মৃতিৰে সংৰক্ষণ কৰা এখনি পুৰণি ফটো শোকবাৰ্তাটিৰ সৈতে সাংবাদিকলৈ প্ৰেৰণ কৰে অৰুণ হাজৰিকাই।













