![]()
সোমবাৰে সমগ্ৰ দেশৰ লগতে অসমতো উদযাপন কৰা হৈছে ৭৭ সংখ্যক গণৰাজ্য দিৱস (Republic Day)। ডিব্ৰুগড় (Dibrugarh) আৰু গুৱাহাটী (Guwahati)ত অসম চৰকাৰৰ গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ লগতে প্ৰতিখন জিলা আৰু সমজিলাতো চৰকাৰী কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Himenta Biswa Sarma)ই ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি পেৰেডৰ অভিবাদন গ্ৰহণ কৰে।

আনহাতে, গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত এই কাৰ্যসূচীত ৰাজ্যপাল (Governor) লক্ষ্মণ প্ৰসাদ আচাৰ্যই (Lakshman Prasad Acharya) গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে। লগতে তেওঁ উপস্থিত ৰাইজক সম্বোধন কৰে। ইয়াৰ লগতে তেওঁ কুচকাৱাজত অংশগ্ৰহণ কৰা এন চি চি কেডাৰ, স্কাউটছ এণ্ড গাইডছ, আৰক্ষী আৰু প্ৰতিৰক্ষা বাহিনীৰ বিভিন্ন বাহিনীৰ অভিবাদন গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় পতাকা উন্মোচনৰ পিছত ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰে আকাশৰ পৰা পুষ্পবৃষ্টি কৰে। ইয়াৰ উপৰি অসমৰ বিভিন্ন সংস্কৃতি আৰু ঐতিহ্য প্ৰতিফলিত কৰি এক মনোমোহা সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়।













