
কালি বিয়লি ডিফুৰ সমীপৰ ডিছামা অঞ্চলৰ চালেম তিচ’ নামৰ গাঁৱত কুরা খান্দিবলৈ বৈ তিনিজন শ্রমিকব করুণ মৃত্যুৰ তথ্য পোহৰলৈ আহিছে।

এছডিআৰএফ সূত্রই জানিবলৈ দিয়া মতে ১নং ডিছামা গাঁৱৰ তিছং তেৰাং (২১), বংথাৰৱেৰ হবি তেৰণ (৩১) আৰু হাওৰাঘাটৰ চেন্টাৰ বজাৰৰ লংছ’দাব টেবণ (২৫) নামৰ শ্রমিক তিনিজনে এটা কুঁৱাত কাম কৰি থকা অৱস্থাত শোকাবহ ঘটনাটো সংঘটিত হয়। এছডিআৰএফ বিষয়াই জানিবলৈ দিয়া মতে কালি বিয়লি প্রায় ৩.৩০ বজাত তেওঁলোকে ঘটনা সম্পর্কে খবৰ লাভ কৰে আৰু ঘটনাস্থলীলৈ গৈ অচেতন অবস্থাত শ্রমিক তিনিজনক উদ্ধাৰ কৰি ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰে।
চিকিৎসালয়ত তিনিওগৰাকী শ্রমিকক মৃত ঘোষণা কৰা হয়। এই ঘটনাই সমগ্র অঞ্চলত গভীৰ শোকৰ ছাঁ পেলোৱা পৰিলক্ষিত হৈছে।













