ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Anglong violence : কাৰ্বি আংলং জিলাত কিহৰ বাবে এই অশান্তি

নিউজ ডেস্কঃ

News Desk by News Desk
December 24, 2025
Reading Time: 1 min read
A A
0
Karbi Anglong violence : কাৰ্বি আংলং জিলাত কিহৰ বাবে এই অশান্তি

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

পশ্চিম কাৰ্বি আংলং (West Karbi Anglong) জিলাৰ হিংসাত্মক ঘটনা (Violent incident)ৰ আজি তৃতীয় দিন। মাজে মাজে দুই-এটা সৰু-সুৰা ঘটনাৰ বাহিৰে তৃতীয় দিনটো শান্তিপূৰ্ণ আছিল বুলি ক’ব পাৰি। অৱশ্যে এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে। সোমবাৰে সংঘটিত হোৱা হিংসাত্মক ঘটনাত এতিয়ালৈকে দুজন লোক নিহত হোৱাৰ লগতে কেইবাজনো সাধাৰণ নাগৰিক তথা আৰক্ষী আহত হৈছে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কাৰ্বি আংলং আৰু পশ্মিম কাৰ্বি আংলং জিলা দুখনত জাৰি কৰা হৈছে কাৰ্ফিউ। মোবাইল ইণ্টাৰনেট সেৱাও বন্ধ কৰি দিয়া হৈছে। বুধবাৰে পুৱাৰে পৰা পশ্চিম কাৰ্বি আংলং জিলাত কিছু কিছু স্থানত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে।

উল্লেখ্য যে বহিৰাগতক উচ্ছেদক লৈ বহুদিন ধৰি পশ্চিম কাৰ্বি আংলং জিলাৰ লগতে কাষৰীয়া কাৰ্বিং আংলং জিলাতো উত্তেজনা অব্যাহত আছে। ভূমিৰ অধিকাৰৰ বাবে যুঁজি আছে কাৰ্বি জনগোষ্ঠীয়ে। ষষ্ঠ অনুসূচীৰ এলেকাসমূহত বহিৰাগত লোকক উচ্ছেদ কৰাৰ লগতে কাৰ্বি জনগোষ্ঠীৰ স্বাৰ্থ ৰক্ষাৰ দাবীত বিগত ১৫ দিন ধৰি অনশন অব্যাহত ৰখাৰ পিছত সোমবাৰে অনশন কৰি থকা প্ৰতিবাদকাৰীক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পিছতে পৰিস্থিতি অধিক অৱনতি ঘটে। প্ৰতিবাদকাৰী কাৰ্বি নেতাক আটক কৰা বুলি খবৰ বিয়পি পৰা লগে লগে উত্তেজিত হৈ পৰে বিভিন্ন কাৰ্বি সংগঠনৰ লগতে স্থানীয় ৰাইজ। তাৰ বহিঃপ্ৰকাশ হিচাপে অগ্নিসংযোগ কৰা হয় চি ই এম তুলিৰাম ৰংহাঙৰ পিতৃগৃহত।

karbi 1 | ASSAM TIMES POST

ইফালে আৰক্ষীৰ মতে, প্ৰতিবাদকাৰী নেতাক গ্ৰেপ্তাৰ কৰা বুলি ভুল তথ্য বিয়পি পৰাৰ ফলতে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। ইফালে প্ৰতিবাদৰ ষষ্ঠদশ দিনত মঙলবাৰে অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে মন্ত্ৰী ৰণোজ পেগুৱে প্ৰতিবাদকাৰী সংগঠনৰ নেতাৰ সৈতে আলোচনাৰ পিছত ত্ৰিপাক্ষিক বৈঠকৰ চৰকাৰে প্ৰস্তাৱ দিয়াত অনশন কাৰ্যসূচী স্থগিত ৰাখে। কিন্তু তাৰ পিছতো হিংসাত্মক ঘটনা কম হোৱা নাছিল। বাইক, বাহন, দোকান আদিত অগ্নিসংযোগ কৰাৰ লগতে আৰক্ষীৰ ওপৰত আক্ৰমণ চলায় প্ৰতিবাদকাৰীয়ে। আনহাতে, শান্তি-শৃংখলা নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজন লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। ইফালে শিলগুটি নিক্ষেপত আহত হয় অৰ্ধশতাধিক আৰক্ষী জোৱান। আনহাতে, অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিজে ঘটনাস্থলীত উপস্থিত হয়।

কাৰ্বিসকলে দীৰ্ঘদিন ধৰি তেওঁলোকৰ মাটি বহিৰাগতই বেদখল কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে। মূলত পি জি আৰ আৰু ভি জি আৰ ভূমি বেদখলমুক্ত কৰিবলৈ বহুকেইটা কাৰ্বি সংগঠন তথা ৰাইজে বাৰে বাৰে আহ্বান জনোৱাৰ পিছতো প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ।

কাৰ্বি জনসাধাৰণৰ অভিযোগ, কাৰ্বিভূমিত বহিৰাগতৰ আগ্ৰাসনে ভূমিপুত্ৰসকলৰ প্ৰতি অস্তিত্বৰ ভাবুকি কঢ়িয়াই আনিছে। তেওঁলোকৰ সুযোগ-সুবিধাসমূহ কাঢ়ি নিয়াৰ চেষ্টা চলিছে। সংখ্যালঘুত পৰিণত হোৱাৰ আশংকাত ভুগিছে কাৰ্বি ভূমিপুত্ৰসক। ইফালে চৰকাৰৰ মতে বিষয়টো উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকাৰ বাবে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। ইফালে মন্ত্ৰী ৰণোজ পেগুৱে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি ভ্ৰমণ কৰি প্ৰতিবাদকাৰীসকলক সাক্ষাত কৰি দিয়া প্ৰস্তাৱমৰ্মে অহা ২৬ ডিচেম্বৰ, শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ উপস্থিতিত অসম চৰকাৰৰ প্ৰতিনিধি, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধি আৰু কাৰ্বি সংগঠনৰ প্ৰতিনিধিৰে ত্ৰিপাক্ষিক বৈঠকত মিলিত হোৱাৰ কথা ।

Tags: KarbiAnglongviolence
Share4Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
ADVERTISEMENT
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx