![]()
বাংলাদেশত আবদ্ধ (Trapped in Bangladesh) হৈ থকা ভাৰতীয় চিকিৎসা বিজ্ঞানৰ (Indian medical science) ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ (Safety of students) বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi)ৰ সহায় বিচাৰিছে (Seeking help) চিকিৎসক সংগঠনে (Medical organisation)। চিকিৎসক সংগঠন অল ইণ্ডিয়া মেডিকেল ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যনে বাংলাদেশত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ তাৎক্ষণিক সুৰক্ষা বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ (Sending a letter) কৰিছে।
পত্ৰখনত চিকিৎসক সংগঠনটোৱে বাংলাদেশৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ পৰা বিভিন্ন আতংকজনক বাৰ্তা লাভ কৰা বুলি জানিবলৈ দিয়ে। সেয়েহে তেওঁলোকে অনুভৱ কৰে যে বাংলাদেশৰ ছাত্ৰ-ছাত্ৰীসকল বৰ্তমানৰ পৰিস্থিতিত সুৰক্ষিত নহয়। এনে পৰিস্থিতিত সংগঠনটোৱে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে।

প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখনত লিখিছে, “বাংলাদেশত আবদ্ধ ভাৰতীয় চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ সন্দৰ্ভত আপোনালোকৰ তাৎক্ষণিক আৰু জৰুৰী হস্তক্ষেপ বিচাৰিছোঁ।” বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে ছাত্ৰ-ছাত্ৰীসকল আতংকিত বুলিও পত্ৰখনত উল্লেখ কৰা হৈছে।
পত্ৰখনত লগতে উল্লেখ কৰা হৈছে যে বহিঃৰাষ্ট্ৰত থকা ভাৰতীয় চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে কোনো সমস্যাৰ সৃষ্টি হ’লে চৰকাৰে তেওঁলোকৰ কাষত থিয় দিব বুলি আশা কৰে। বাংলাদেশত আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ভাৰতীয় দূতাবাসক তেওঁলোকৰ সৈতে সমন্বয় ৰাখিবলৈও চিকিৎসক সন্থাই অনুৰোধ জনাইছে।












