
কাৰ্বি আংলঙৰ পৰিস্থিতি কিছু শান্ত হৈছে যদিও এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে। মঙলবাৰে মন্ত্ৰী ৰণোজ পেগুৰে (Ranoj Pegu) আলোচনাৰ পিছত প্ৰতিবাদকাৰীসকলে অনশন কাৰ্যসূচী স্থগিত ৰাখে যদিও পুনৰ এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।

একাংশ উত্তেজিত জনতাই জ্বলাই দিয়ে দুখনকৈ বাইক। কাৰ্বি পাহাৰৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীৰে সোমবাৰে উত্তপ্ত হৈ পৰা পশ্চিম কাৰ্বি আংলঙৰ খেৰণি অঞ্চলত মঙলবাৰেও উত্তেজনা অব্যাহত আছে।
আনহাতে, অসম চৰকৰৰ প্ৰতিনিধি হিচাপে উপস্থিত থকা মন্ত্ৰী ৰণোজ পেগুৰ মধ্যস্থতাত আমৰণ অনশনত বহা প্ৰতিবাদীসকলে মঙলবাৰে অনশন ভংগ কৰে। অসম চৰকাৰৰ হৈ মন্ত্ৰী ৰণোজ পেগুৱে ত্ৰিপাক্ষিক বৈঠকৰ আশ্বাস দিয়াৰ পিছত প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰাখে।
মঙলবাৰে কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল’বলৈ খেৰণি ফেলাংপীৰ আমৰণ অনশনস্থলীত উপস্থিত হয় মন্ত্ৰী ডাঃ ৰণোজ পেগু। বিগত ১৬ দিন ধৰি আমৰণ অনশনত থকা প্ৰতিবাদকাৰীসকলৰ সৈতে তেওঁ আলোচনাত মিলিত হয়৷ তেওঁৰ লগত আছিল অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী৷
মঙলবাৰে খেৰণিৰ ডংকামোকামত তেওঁলোকে আলোচনাত মিলিত হৈ ত্ৰিপাক্ষিক বৈঠকৰ আশ্বাস প্ৰদান কৰাত আমৰণ অনশনত থকা প্ৰতিবাদী কাৰ্বি সংগঠনে ভংগ ঘোষণা কৰে৷ মন্ত্ৰী ৰণোজ পেগুৱে জনোৱা মতে, চলিত মাহতে অসম চৰকাৰ, কাৰ্বি স্বায়ত্তশাশিত পৰিষদ আৰু প্ৰতিবাদকাৰী প্ৰতিনিধিৰ মাজত এই ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব।
এই বৈঠকত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। ইফালে সোমবাৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পিতৃগৃহ জ্বলাই দিয়াৰ পিছতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে পশ্চিম কাৰ্বি আংলং জিলাত। এই উত্তেজনা মঙলবাৰেও অব্যাহত আছে।
ইফালে মঙলবাৰে বৈঠালাংছ’, ডংকামোকাম, খেৰণি, হামৰেণ বজাৰৰ লগতে সকলো দোকান-পোহাৰ স্থানীয় লোকে সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়ে। আনহাতে, অঞ্চলটোৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো পুৱাৰে পৰা স্বতঃস্ফুতভাৱে বন্ধ হৈ থকাৰ লগতে বিদ্যালয়সমূহত পাঠদান বন্ধ হয়। ৰাজহুৱা যান-বাহন চলাচলো সম্পূৰ্ণৰূপে বন্ধ হৈ আছে।
আনহাতে, সোমবাৰৰ ঘটনাৰ পিছত জিলাখনৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অসম আৰক্ষীৰ ডিজিপি হৰমিত সিঙৰ লগতে শীৰ্ষ আৰক্ষী বিষয়াসকল গৈ উপস্থিতি হোৱাৰ লগতে অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয়।
লগতে বি এন এছ ১৬৩ ধাৰাৰ অধীনত পাঁচজনতকৈ অধিক লোকৰ সমাগম, সমদল আদিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। নিশা কাৰ্ফিউ বলৱৎ কৰা হৈছে। তাৰ মাজতে কাৰ্বিভূমিৰ পৰিস্থিতি শান্ত কৰিবলৈ শান্তিসভা অনুষ্ঠিত হয়। স্থানীয় ৰাইজৰ সৈতে শাসকীয় পক্ষৰ বিধায়কসকলৰ উপস্থিতিত ডংকামোকত এই শান্তিসভা অনুষ্ঠিত হয়।













