
এখন গাড়ীত সংঘটিত অগ্নিকাণ্ডত (Road Accident) গাড়ীখনৰ ভিতৰত আবদ্ধ হৈ থকা যাত্ৰীৰ তিনিজন অগ্নিদগ্ধ হৈ মৃত্যু হয়। আন এজন ব্যক্তি গুৰুতৰভাৱে আহত হয়।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, বুধবাৰে পুৱা ৰাজস্থানৰ জয়পুৰৰ দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত সংঘটিত হয় এই দুৰ্ঘটনা। আৰক্ষীয়ে জনোৱা মতে গাড়ীখন দিল্লীৰ পৰা জয়পুৰ অভিমুখে গৈ আছিল।
ৰাইনী থানাৰ অন্তৰ্গত ১৩১ নং চেনেলৰ সমীপত আন এখন পিকআপ ভেনৰ সৈতে সংঘৰ্ষ হয়। সংঘৰ্ষৰ লগে লগে গাড়ীখনত অগ্নিকাণ্ড সংঘটিত হয়। প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীক জনোৱা মতে, পিকআপ ভেন আৰু গাড়ীখনৰ মাজত সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে সমগ্ৰ বাহনখন জুইৰ শিখাই আগুৰি ধৰে।
স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ ভুক্তভোগীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আবদ্ধ যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল। অগ্নিকাণ্ডত নিহত হয় গাড়ীখনত থকা তিনিজন যাত্ৰী।
আনহাতে, পিকআপ ভেনখনৰ চালক গুৰুতৰভাৱে আহত হয়। সংকটজনক অৱস্থাত তেওঁক জয়পুৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে ৰায়নী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। জুইত জাহ যোৱা মৃতদেহকেইটা উদ্ধাৰ কৰি ৰায়নী চিকিৎসালয়লৈ লৈ যোৱা হয়। এতিয়াও চিনাক্ত হোৱা নাই মৃতদেহকেইটা।
উল্লেখ্য যে মঙলবাৰে পুৱা ঘন কুঁৱলীৰ বাবে দিল্লী-আগ্ৰা এক্সপ্ৰেছৱে’ত কমেও ৭ খন বাছ আৰু তিনিখন গাড়ীৰ সংঘৰ্ষ হয়।
ভয়ংকৰ সংঘৰ্ষৰ পিছতে জুই লাগে গাড়ীকেইখনত। মথুৰাৰ বলদেৱ অঞ্চলত পুৱা ৪.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত ১৩ জন লোক নিহত হোৱাৰ লগতে ৩৫ জন আহত হয়। ইয়াৰ পিছতেই আজি সংঘটিত হয় এই দুৰ্ঘটনা।










