
নতুন চৰকাৰ গঠনৰ বাবে বিজেপিৰ প্ৰচেষ্টাৰ মাজতে মণিপুৰত পুনৰ হিংসাত্মক (Manipur Violence) পৰিস্থিতিৰ সৃষ্টি হৈছে। মঙলবাৰে ইম্ফল উপত্যকাৰ বিষ্ণুপুৰ জিলাৰ টৰবাং আৰু ফুকাগচাও ইখাই অঞ্চলৰ কেইবাখনো গাঁৱত কুকি উগ্ৰপন্থীয়ে গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে।

টৰবাং আৰু ফুগাকচাও ইখাই অঞ্চলৰ সীমা চুৰাচান্দপুৰৰ পাহাৰীয়া জিলা। অভিযোগ অনুসৰি, কুকি উগ্ৰপন্থীয়ে পাহাৰৰ পৰা গুলীচালনা কৰে।
শেহতীয়াকৈ পাহাৰৰ সমীপৰ টৰবাং আৰু ফুগাকচাও ইখাই অঞ্চলৰ ভৈয়ামৰ পৰা স্থানচ্যুত হোৱা ৩৮৯ জন লোক ঘৰলৈ উভতি আহিছে। বিষ্ণুপুৰ জিলা আৰক্ষীয়ে দাবী কৰিছে যে তেওঁলোকক আতংকিত কৰাৰ লক্ষ্যৰে এই আক্ৰমণ কৰা হৈছে।
উল্লেখ্য যে ২০২৩ চনৰ ৩ মে’ৰ পৰা মণিপুৰত জনজাতীয় ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অব মণিপুৰ’ৰ কাৰ্যসূচীক কেন্দ্ৰ কৰি ৰাজ্যখনত অশান্তিকৰ পৰিৱেশৰ আৰম্ভণি হৈছিল। মণিপুৰ উচ্চ ন্যায়ালয়ে মেইটেইসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিষয়টো বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়াৰ পিছত জনজাতীয় সংগঠনসমূহে ইয়াৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহে।
উক্ত ঘটনাৰ পৰাই আৰম্ভ হয় সংঘাত। যদিও পিছত উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ প্ৰত্যাহাৰ কৰে, তথাপিও দুবছৰতকৈ অধিক সময় ধৰি ৰাজ্যখনত সাম্প্ৰদায়িক হিংসা অব্যাহত আছে।
মণিপুৰৰ খিলঞ্জীয়া হিন্দু মেইটেই জনগোষ্ঠী আৰু কুকি, জো আদিকে ধৰি কেইবাটাও অনুসূচিত জনজাতিৰ (যিসকলৰ অধিকাংশই খ্ৰীষ্টান) মাজত সংঘৰ্ষত এতিয়ালৈকে প্ৰায় দুশ লোকৰ মৃত্যু হৈছে। গৃহহীন হোৱা লোকৰ সংখ্যা প্ৰায় ৬০ হাজাৰ। হিংসা আৰম্ভ হোৱাৰ ২১ মাহৰ পাছত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগ কৰে। ইয়াৰ পিছত কেন্দ্ৰই মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাপি দিয়ে।
যোৱা আগষ্ট মাহত ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা আৰু ছমাহৰ বাবে বৃদ্ধিৰ বাবে সংসদত এখন বিধেয়ক উত্থাপন কৰা হয়। কিন্তু শেহতীয়াকৈ বিজেপি শিবিৰত নতুন চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ হৈছে।













