ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Zubeen Garg Chargesheet I জুবিন গাৰ্গক হত্যা কৰা হৈছিল নেকি? কি আছে চাৰ্জশ্বীটত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 12, 2025
Reading Time: 1 min read
A A
0
অন্য বৰ্ষদৰে খাৰঘুলিৰ পৰাই শিল্পী জুবিনে আৰম্ভ কৰিলে ৰঙালী বিহু অনুষ্ঠান:

RELATED POSTS

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ

New Logo Smal | ASSAM TIMES POST

অৱশেষত অপেক্ষাৰ অন্ত পেলাই শুকুৰবাৰে আদালতত দাখিল কৰা হয় জুবিন গাৰ্গ (Zubeen Garg) মৃত্যু গোচৰৰ অভিযোগনামা। গুৱাহাটীৰ চি জে এম আদালতত ২৫০০ পৃষ্ঠাৰ (অৱশ্যে বিভিন্ন নথি সন্নিৱিষ্ট কৰি ইয়াৰ পৰিসৰ ১০০০০ পৃষ্ঠাৰো অধিক হ’ব) এছ আই টিয়ে দাখিল কৰে অভিযোগনামা।

Zubeen Garg Chargesheet I
জুবিন গাৰ্গক হত্যা কৰা হৈছিল নেকি? কি আছে চাৰ্জশ্বীটত:

এই অভিযোগনামাত জুবিন গাৰ্গক ছিংগাপুৰত হত্যা কৰা বুলি উল্লেখ কৰা হৈছে। আনহাতে, সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক জুবিন গাৰ্গৰ মূল হত্যাকাৰী হিচাপে অভিযুক্ত কৰা হৈছে।

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ৮৪ দিনৰ পিছত শুকুৰবাৰে পুৱা ১১.১০ বজাত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আদালতত অভিযোগনামা দাখিল কৰা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ ১৮/২০২৫ নম্বৰৰ চি আই ডিৰ গোচৰৰ তদন্তৰ এই অভিযোগনামাত ৭ অভিযুক্তৰ বিৰুদ্ধে অভিযোগ আছে যদিও ইয়াৰে চাৰিজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ আৰোপ কৰা হৈছে৷

ইয়াৰে ভিতৰত অভিযোগনামাত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বি এন এছৰ ধাৰা ৩ আৰু উপধাৰ ৬, ৭ আৰু ৮ত অপৰাধত জ্ঞাতসাৰে সহযোগিতা, বি এন এছ ধাৰা ৬১ উপধাৰা ২ত অপৰাধৰ ষড়যন্ত্ৰ, বি এন এছ ধাৰা ১০৩, উপধাৰা ১ত হত্যা, বি এন এছ ধাৰা ৩১৬, উপধাৰা ৫ত বিত্তীয় লেনদেনৰ বিশ্বাসঘাতকতাৰ অভিযোগ আৰোপ কৰা হৈছে।

আনহাতে, শ্যামকানু মহন্তৰ বিৰুদ্ধে বি এন এছ ধাৰা ৩ উপধাৰা ৬, ৭, ৮ত অপৰাধত জ্ঞাতসাৰে সহযোগিতা আগবঢ়োৱা, বি এন এছ ধাৰ ৬১, উপধাৰা ২ত অপৰাধৰ ষড়যন্ত্ৰ, বি এন এছ ধাৰা ১০৩, উপধাৰা ১ত হত্যা, বি এন এছ ধাৰা ৩০৮ উপধাৰ ২ত ধন আত্মসাত, বি এন এছ ধাৰা ৩১৮ উপধাৰা ৪ত প্ৰৱঞ্চনা আৰু বি এন এছ ধাৰা ২৩৮ত তথ্য-প্ৰমাণ নষ্ট কৰাৰ ধাৰা আৰোপ কৰা হৈছে৷

ইফালে শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে বি এন এছ ধাৰা ৩, উপধাৰ ৬, ৭ আৰু ৮ত অপৰাধত জ্ঞাতসাৰে সহযোগিতা আগবঢ়োৱা, বি এন এছ ধাৰা ৬১, উপধাৰা ২ত অপৰাধৰ ষড়যন্ত্ৰ কৰা, বি এন এছ ধাৰা ১০৩, উপধাৰা ১ত হত্যা, বি এন এছ ধাৰা ৩১৬, উপধাৰা ৫ত বিত্তীয় লেনদেনৰ খেলিমেলি আৰু বিশ্বাসঘাতকতাৰ ধাৰা আৰোপ কৰা হৈছে।

ইয়াৰ উপৰি অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে বি এন এছ ধাৰা ৩, উপধাৰা ৬, ৭ আৰু ৮ত অপৰাধত জ্ঞাতসাৰে সহযোগিতা আগবঢ়োৱা, বি এন এছ ধাৰা ৬১, উপধাৰা ২ত অপৰাধৰ ষড়যন্ত্ৰ কৰা, বি এন এছ ধাৰা ১০৩, উপধাৰা ১ত হত্যা, বি এন এছ ধাৰা ২৩৮ত তথ্য-প্ৰমাণ নষ্ট কৰাৰ ধাৰা আৰোপ কৰা হৈছে৷
আনহাতে, জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধে বি এন এছ ধাৰা ১০৫ আৰোপ কৰা হৈছে৷

ইয়াৰ উপৰি কাৰাগাৰত বন্দী হৈ থকা আন দুগৰাকী অভিযুক্ত তথা জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে বি এন এছ ধাৰা ৬১, উপধাৰা ২ৰ অধীনত অপৰাধৰ ষড়যন্ত্ৰ কৰা আৰু বি এন এছ ধাৰা ৩১৬, উপধাৰা ৫ৰ অধীনত বিত্তীয় লেনদেনৰ খেলিমেলি, বিশ্বাসঘাতকতাৰ অপৰাধৰ ধাৰা আৰোপ কৰা হৈছে।

অভিযোগনামা দাখিলৰ পিছত এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই সংবাদমেলযোগে এই তথ্য সদৰী কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কি আছে চাৰ্জশ্বীটতজুবিন গাৰ্গক হত্যা কৰা হৈছিল নেকি?
Share5Tweet3Send

Related Posts

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

by News Desk
September 20, 2026
50
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

by News Desk
September 19, 2026
51
Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ
Assam

Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ

by News Desk
September 19, 2026
52
Zubeen Garg : জুবিনবিহীন এটা বছৰ, ৰাজ্যজুৰি প্ৰাণৰ শিল্পীক স্মৰণ
Assam

Zubeen Garg : জুবিনবিহীন এটা বছৰ, ৰাজ্যজুৰি প্ৰাণৰ শিল্পীক স্মৰণ

by News Desk
September 19, 2026
55
শ্ৰীভূমিৰ মাইজগ্ৰামত চাঞ্চল্যকৰ হত্যাকাণ্ড : শোৱাপাটীত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ মহুৰি সুশান্ত ৰয় কৰৰ মৃতদেহ
Assam

শ্ৰীভূমিৰ মাইজগ্ৰামত চাঞ্চল্যকৰ হত্যাকাণ্ড : শোৱাপাটীত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ মহুৰি সুশান্ত ৰয় কৰৰ মৃতদেহ

by News Desk
September 19, 2026
56
যোৰহাট মেডিকেল কলেজ হাস্পতালত উত্তেজনা
Assam

যোৰহাট মেডিকেল কলেজ হাস্পতালত উত্তেজনা

by News Desk
September 19, 2026
53
ADVERTISEMENT
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
50
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত
National-International

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
52
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026
51
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

September 19, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d