
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন দুদিনীয়া ভ্ৰমণসূচীৰে বৰ্তমান ভাৰতত আছে। বৈঠকৰ প্ৰথমদিনা বৃহস্পতিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুটিনক কয় যে ইউক্ৰেইনৰ সৈতে সংঘাতৰ সন্দৰ্ভত ভাৰত “নিৰপেক্ষ নহয়, কিন্তু শান্তিৰ সম্পূৰ্ণ পক্ষত”।

পুটিন আৰু ৰাছিয়াৰ প্ৰতিনিধি দলটোক আদৰণি জনাই মোদীয়ে কয় যে ইউক্ৰেইনৰ সংকটৰ আৰম্ভণিৰ পৰাই দুয়োখন দেশৰ মাজত অহৰহ যোগাযোগ চলি আহিছে। দ্বিপাক্ষিক বৈঠকৰ সময়ত মোদীয়ে ইউক্ৰেইন সংঘাতৰ সময়ত দুয়োপক্ষৰ মাজত নিবিড় আলোচনাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মস্কোৱে আমাক সকলো কথা অৱগত কৰিছে আৰু আমাৰ ওপৰত আস্থা প্ৰকাশ কৰিছে। শান্তিপূৰ্ণ সমাধানৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰি মোদীয়ে কয় যে ভাৰতে শান্তিত বিশ্বাস কৰে… ভাৰত নিৰপেক্ষ নহয়, আমি শান্তিৰ পক্ষত আছোঁ।
মোদীয়ে পুটিনক কয়, “ইউক্ৰেইন সংকটৰ আৰম্ভণিৰে পৰাই আমি অহৰহ আলোচনাত মিলিত হৈ আছোঁ। মাজে মাজে আমাক সকলো কথা অৱগত কৰি আহিছে, এজন প্ৰকৃত বন্ধুৰ দৰে।
মই বিশ্বাস কৰোঁ যে বিশ্বাস এক বৃহৎ শক্তি আৰু মই আপোনাৰ সৈতে এই বিষয়টো বহুবাৰ আলোচনা কৰিছোঁ আৰু বিশ্বৰ সন্মুখত ৰাখিছোঁ।” তেওঁ লগতে কয়, “জাতিটোৰ কল্যাণ শান্তিৰ পথত নিহিত হৈ আছে। আমি একেলগে বিশ্বক সেই পথত আগুৱাই নিম। মই নিশ্চিত যে শেহতীয়া দিনবোৰত যি প্ৰচেষ্টা চলি আছে, সেই প্ৰচেষ্টাই বিশ্বলৈ শান্তি ঘূৰাই আনিব।”
আনহাতে, আমন্ত্ৰণ আৰু উষ্ম আদৰণিৰ বাবে মোদীক ধন্যবাদ জনাই পুটিনে কয়, “মোক আমন্ত্ৰণ জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক মই কৃতজ্ঞতা জনাইছোঁ।” মোদীয়ে লগতে কয় যে ভাৰত-ৰাছিয়াৰ দীৰ্ঘদিনীয়া সম্পৰ্কই পুটিনৰ কৌশলগত দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে। তেওঁ এই অংশীদাৰিত্বক দশক দশক ধৰি চলি থকা স্থায়ী সম্পৰ্কৰ উদাহৰণ হিচাপে অভিহিত কৰে। ইউক্ৰেইনৰ সৈতে শান্তিপূৰ্ণ নিষ্পত্তিৰ বাবে ৰাছিয়াই কাম কৰি আছে বুলিও পুটিনে কয়।
উল্লেখ্য যে ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ পূৰ্বে শুকুৰবাৰে নতুন দিল্লীৰ হায়দৰাবাদ হাউছত পুটিনক আদৰণি জনাই দুয়োখন দেশৰ গভীৰ আৰু চিৰস্থায়ী অংশীদাৰিত্বৰ ওপৰত আলোকপাত কৰে। ২০২১ চনৰ পিছত পুটিনৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ।












