
বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ইয়াৰ পূৰ্বে পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰে। ‘ইণ্ডিয়া টুডে’ক দিয়া এক সাক্ষাৎকাৰত পুটিনে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে চাপত পৰি নতি স্বীকাৰ নকৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক আমেৰিকাৰ শুল্ক সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত পুটিনে কয় যে প্ৰধানমন্ত্ৰী মোদী হেঁচাত শিৰ নত কৰা ব্যক্তি নহয়।

ভাৰতৰ প্ৰধানমন্ত্ৰীক ‘বন্ধু’ বুলি অভিহিত কৰি পুটিনে কয় যে তেওঁ ভাৰত ভ্ৰমণৰ বাবে আগ্ৰহী। এই ভ্ৰমণৰ সময়ত ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক চুক্তিৰ ওপৰত বহু আলোচনা হ’ব বুলিও তেওঁ কয়। তেওঁ ‘ইণ্ডিয়া টুডে’ক কয়, “ভাৰত আৰু ৰাছিয়াই মহাকাশ গৱেষণা, পাৰমাণৱিক শক্তি, জাহাজ নিৰ্মাণ, বিমান নিৰ্মাণকে ধৰি বহু ক্ষেত্ৰত ভৱিষ্যতৰ বাবে একেলগে কাম কৰি আছে।” লগতে তেওঁ কয় যে ভাৰত আৰু ৰাছিয়াই কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) ব্যৱহাৰৰ বিষয়েও আলোচনা কৰিব।
প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বক কৰি পুটিনে কয়, “ভাৰত এখন মহান দেশ। ইয়াৰ অৰ্থনীতি ৭.৭ শতাংশ হাৰত বৃদ্ধি পাইছে। এয়া প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বৰ সফলতা। সদায় কিছুমান সমালোচকে কয় যে ই আৰু ভাল হ’ব পাৰিলেহেঁতেন। কিন্তু ফলাফলেই তেওঁলোকক সকলো কয়।” যোৱা ছেপ্টেম্বৰ মাহত চীনত অনুষ্ঠিত এছ চি অ’ শীৰ্ষ সন্মিলনত পুটিনে মোদীক গাড়ীত উঠিবলৈ দিছিল।
এই প্ৰসংগত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “প্ৰধানমন্ত্ৰী মোদীৰ সৈতে গাড়ীত উঠাৰ মোৰেই পৰিকল্পনা আছিল। এয়া আমাৰ বন্ধুত্বৰ স্মাৰক।” পুটিনে কয় যে সেই গাড়ী চলোৱাৰ সময়ত তেওঁলোকে এছ চি অ’ শীৰ্ষ সন্মিলনৰ কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰিছিল। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ মতে, “এয়া (একেলগে গাড়ীত উঠিব পৰাটো) পূৰ্ব পৰিকল্পিত নাছিল। আমি বাহিৰলৈ ওলাই আহিলোঁ। মোৰ গাড়ী আছিল। মই পৰামৰ্শ দিলোঁ যে আমি একেলগে গাড়ীত উঠিব পাৰোঁ।
ই মানুহক দেখুৱাবৰ বাবে নাছিল। আমি বন্ধু হিচাপে গাড়ীত উঠিলোঁ।”
উল্লেখ্য যে ভাৰত-ৰাছিয়াৰ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণৰ বাবে মোদীৰ আমন্ত্ৰণত পুটিনে ভাৰত ভ্ৰমণ কৰিছে। বৃহস্পতিবাৰে সন্ধিয়া তেওঁ দিল্লীত অৱতৰণ কৰে। তাৰ বাবে আগতীয়াকৈ প্ৰস্তুতি চলোৱা হয়। ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ পূৰ্বে পাঁচস্তৰীয় নিৰাপত্তাৰ ব্যৱস্থা প্ৰস্তুত কৰা হৈছে।
বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ইতিমধ্যে ৰাছিয়াৰ পৰা প্ৰায় ৫০ জন শীৰ্ষ নিৰাপত্তাৰক্ষী আহি দিল্লীত উপস্থিত হৈছে। দিল্লী আৰক্ষী আৰু এন এছ জিৰ বিষয়াৰ সৈতে পুটিনৰ কনভয় যাবলগীয়া পথসমূহত তেওঁলোকে টহল দি আছে










