
আজি বিশ্ব প্ৰতিবন্ধী দিৱস ৷ ৰাজ্যৰ এটি অগ্ৰণী মানৱদৰদী সংগঠন “কৰুণাধাৰাৰ” সৌজন্যত আৰু কাৰবি আংলং জিলা সহায়ক সমিতিৰ সহযোগত আজি ডিফুত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন কৰা হয় ৷ বিশ্ব প্ৰতিবন্ধী দিৱসৰ বন্তি প্ৰজ্বলন কৰে পদ্মশ্ৰী সন্মানপ্ৰাপক সাহিত্যিক ধনেশ্বৰ ইংতিয়ে ৷ কৰুণাধাৰাৰ পতাকা উত্তোলন কৰে কাৰবি আংলং জিলা সহায়ক সমিতিৰ সভাপতি নিখিল চন্দ্ৰ দাসে ৷

কৰুণাধাৰাৰ প্ৰতিষ্ঠাপক বিশিষ্ট সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞি আৰু প্ৰতিষ্ঠাপক সভাপতি নিশিনাথ চাংকাকতিৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সচিব নৱজ্যোতি ভূঞা আৰু লেখিকা নিলীমা গোস্বামীয়ে ৷
বন্তি প্ৰজ্বলন কৰে সহায়ক সমিতিৰ কাৰ্যকৰী সভাপতি মুকুল চন্দ্ৰ বৰুৱা ; জিলা মহিলা সমিতিৰ সভাপতি খিৰলা টেৰণপী ; উপ-সচিব দিপঞ্জিত বৰুৱা আৰু ডিফু ক্লাৱৰ সভাপতি ৰবীন গোস্বামীয়ে ৷ প্ৰতিবন্ধী দিৱস উপলক্ষে ডিফু নগৰত উলিওবা হয় এটি শোভাযাত্ৰা ৷ আনুষ্ঠানিকভাবে শোভাযাত্ৰা মুকলি কৰে জিলা অতিৰিক্ত আয়ুক্ত প্ৰদীপ কুমাৰ গুপ্তাই ৷ নিজৰ ভাষণত তেওঁ বিশেষভাবে সক্ষম সকলৰ প্ৰতি কৰুণাধাৰাই লোৱা পদক্ষেপৰ শলাগ লয় ৷
কৰুণাধাৰাৰ ডকুমেণ্টেৰী প্ৰদৰ্শনৰ পিছতে সভাপতি প্ৰতুল চন্দ্ৰ ফুকনৰ সভাপতিত্বত হয় মুকলি সভা ৷ কৰুণাধাৰাৰ শীৰ্ষ গীত “অনামিকা” সাংস্কৃতিক গোষ্ঠীৰ শিল্পী সকলে পৰিবেশন কৰাৰ পিছতে পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য্য ঢেকিয়াল ফুকনে আনুষ্ঠানিকভাবে সভা উদ্বোধন কৰে ৷ সভা উদ্ধোধন কৰি “কৰুণাধাৰাৰ” লগত তেওঁ জড়িত হোৱাৰ বিষয়ে কৈ ভবিষ্যতৰ দিনতো কৰুণাধাৰাৰ লগত সংপৃক্ত হৈ থাকিব বুলি কয় ৷
কৰুণাধাৰাৰ ন্যাসৰক্ষী বাণেশ্বৰ খাউণ্ডে নিজৰ ভাষণত বিশ্ব প্ৰতিবন্ধী দিৱসৰ তাৎপৰ্য বিশ্লেষণ কৰাৰ লগতে বিশেষভাবে সক্ষম সকলৰ প্ৰতি আমাৰ কৰণীয় কি তাৰ ব্যাখ্যা কৰি এক সাৰুৱা ভাষণ দিয়ে ৷ কৰুণাধাৰাৰ সচিব ডা° নৰেশ্বৰ শৰ্মা আৰু সচিব প্ৰতুল চন্দ্ৰ ফুকনে কৰুণাধাৰাৰ আদৰ্শ আৰু কৰ্মপন্থাৰ সম্পৰ্কে বিস্তৃত ভাবে ভাষণ দিয়ে ৷
আশাদীপৰ সঞ্চালক অঞ্জনা গোস্বামীয়ে মানসিক অক্ষমতাৰ বিষয়ে কোৱাৰ লগতে তেওঁলোকৰ সংগঠনে কৰি থকা কামৰ বিষয়ে কয় ৷ কাৰবি আংলং জিলা বিশেষভাবে সক্ষম সন্হাৰ সভাপতি দ্বীপেন শইকীয়াই প্ৰতিবন্ধী সকলৰ সমস্যাৰ কথা বিবৰি কয় ৷
সভাত ৪ গৰাকী প্ৰতিবন্ধীক ৪ খন হুইল চেয়াৰ ; ৬ গৰাকী ব্যক্তিক ১৫ হাজাৰ আৰু ৯ হাজাৰ টকাকৈ বিতৰণ কৰাৰ উপৰি ছাত্ৰছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাত স্হানপ্ৰাপ্ত সকলক মাজত পুৰস্কাৰ বিতৰণ কৰা হয় ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা দুই শতাধিক বিশেষভাবে সক্ষম লোকে অংশগ্ৰহণ কৰি বিশ্ব প্ৰতিবন্ধী দিৱস সফল কৰে ৷













