
মঙলবাৰে সন্ধিয়া প্ৰায় ৭ মান বজাত ডিফু জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতৰ অতিৰিক্ত লোক অধিবক্তা সঞ্জয় কুমাৰ যাদৱে জানিবলৈ দিয়ে যে, আজি ডিফুত জিলা সত্ৰ ন্যায়াধীশ ইউছুফ আজাজৰ আদালতে ড্ৰাগছ সৰবৰাহত অভিযুক্ত দুজন অভিযুক্তক দহ বছৰকৈ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে ৷

লগতে ১ লাখ টকাকৈ জকিমনা বিহে ৷ জৰিমনা অনাদায়ে অতিৰিক্ত ৬ মাহৰ সাধাৰণ কাৰবাসৰ ৰায়দান কৰে ৷ ডিলাই থানাৰ গোছৰ নং ২০/২০২৩ আৰু ভাৰতীয় দণ্ডবিধিৰ ধাৰা ২১ (গ)/২৯ ৰ এনডিপিএছ গোছৰ নং ৫৪/২৩ ত গোছৰৰ চূড়ান্ত শুনানীত আজিৰ এই ৰায়দান প্ৰদান কৰে ৷
অভিযুক্ত দুজন ক্ৰমে, পশ্চিম বংগৰ বনগাওঁ থানা এলেকাৰ শক্তিগৰ বংগৰ সিন্দুনীল বিশ্বাস আৰু পশ্চিম বংগৰ বনগাওঁ থানা এলেকাৰ পশ্চিম পাৰাৰ তুহিন দে ৷ উক্ত গোছৰত চৰকাৰী পক্ষৰ হৈ যুক্তি প্ৰদৰ্শন কৰিছিল অতিৰিক্ত লোক অধিবক্তা সঞ্জয় কুমাৰ যাদৱে ৷













