ছাংহাই বিমানবন্দৰত ব্ৰিটেইনবাসী ভাৰতীয় মহিলাক হাৰাশাস্তি কৰাৰ অভিযোগ অস্বীকাৰ কৰিছে বেইজিঙে। অভিযোগ কৰা হৈছিল যে ছাংহাই বিমানবন্দৰত চীনৰ ইমিগ্ৰেচন বিষয়াসকলে মহিলাগৰাকীক কৈছিল, “অৰুণাচল প্ৰদেশ (Arunachal pradesh) চীনৰ অংশ।” হাৰাশাস্তিৰ অভিযোগ অস্বীকাৰ কৰাৰ বিপৰীতে চীনৰ বৈদেশিক মন্ত্ৰালয়ে অৰুণাচলৰ ওপৰত নিজৰ দাবী পুনৰবাৰ প্ৰকাশ কৰিছে।

পেমা নামৰ মহিলাগৰাকীয়ে যোৱা শুকুৰবাৰে লণ্ডনৰ পৰা ছাংহাই হৈ জাপানলৈ যাবলগা আছিল। তেওঁ লণ্ডনৰ পৰা ছাংহাইলৈ আন এখন বিমানত উঠি তাৰ পিছত জাপানলৈ উৰা মাৰিবলগা আছিল। কিন্তু তেওঁক ছাংহাই বিমানবন্দৰত আবদ্ধ কৰি ৰখা হয়। ইমিগ্ৰেচন বিষয়াক পাছপ’ৰ্ট জমা দিয়াৰ পিছতো বহু সময় অপেক্ষা কৰিবলগীয়া হোৱাৰ অভিযোগ উত্থাপন কৰে তেওঁ। তেনেতে হঠাৎ এজন বিষয়া আহি তেওঁক ‘ভাৰত-ভাৰত’ বুলি মাতে।
পিছত মহিলাগৰাকীয়ে আন যাত্ৰীৰ পৰা তেওঁক পৃথক কৰি নিয়াৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছত তেওঁক কোৱা হ’ল যে অৰুণাচল প্ৰদেশ ভাৰতৰ অংশ নহয়। সেয়ে তেওঁৰ পাছপ’ৰ্ট অবৈধ।
এই সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈও পেমাই এখন পত্ৰ লিখিছিল। লগতে নতুন দিল্লীক বেইজিঙৰ সৈতে এই সন্দৰ্ভত কথা পাতিবলৈ অনুৰোধ জনায়।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে চীনৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। চীনৰ মুখপাত্ৰ মাও নিঙে কয় যে মহিলাগৰাকীক কোনো ধৰণৰ হাৰাশাস্তি কৰা হোৱা নাছিল। তেওঁৰ মতে, সীমান্তৰক্ষী বাহিনীয়ে ‘আইন-নীতি’ অনুসৰি কাম কৰিছিল। বিমান সংস্থাটোৱে তেওঁক পানী আৰু খাদ্যও যোগান ধৰিছিল।
ইয়াৰ পিছত মাওৱে কয়, “জাংনান (চীনে অৰুণাচল প্ৰদেশ বুলি কোৱাৰ দৰে) আমাৰ দেশৰ অংশ। অৰুণাচল প্ৰদেশৰ ওপৰত ভাৰতৰ অবৈধ দাবী চীনে কেতিয়াও স্বীকৃতি নিদিয়ে।”
উল্লেখ্য যে চীনে দীৰ্ঘদিন ধৰি অৰুণাচলক নিজৰ ভূখণ্ডৰ অংশ হিচাপে দাবী কৰি আহিছে। ভাৰত আৰু চীনৰ সংঘাতৰ অন্যতম কাৰণ অৰুণাচল। চীনে প্ৰায়ে উত্তৰ-পূব ভাৰতৰ এই ৰাজ্যখনৰ কেইবাখনো ঠাইৰ নাম সলনি কৰি মানচিত্ৰ প্ৰকাশ কৰে।












