
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ অন্যতম বাটকটীয়া, বৰ্ষীয়ান সাংবাদিক নগেন বৰাৰ ʼকাৰবি সমাজ আৰু সংস্কৃতিʼ শীৰ্ষক গ্ৰন্থখনৰ আজি শুভ উন্মোচন কৰা হয়। কেইবা দশক ধৰি সাংবাদিকতাৰ সৈতে জড়িত থকাৰ সুবাদতে কাৰ্বিসকলৰ বৰ্ণিল সমাজ জীৱনক বাস্তৱ অভিজ্ঞতাৰে অনুধাৱন কৰা বৰ্ষীয়ান সাংবাদিক গৰাকীৰ ৮৬ বছৰ বয়সত প্ৰকাশিত গ্ৰন্থখনে জিলাখনৰ বিদ্বৎ মহলৰ মাজত স্বাভাবিকতে উৎসুকতাৰ সৃষ্টি কৰিছে।

এই উদ্দেশ্যে আজি বিয়লি ডিফুৰ ঐতিহ্যমণ্ডিত ডিফু ক্লাবত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে ʼৰংমিলীৰ হাঁহিʼৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গ্ৰন্থখন উন্মোচন কৰি প্ৰদান কৰা ভাষণত নগেন বৰাৰ গ্ৰন্থখনৰ উচ্চ প্ৰশংসা কৰাৰ লগতে লেখকগৰাকীক পাহাৰ ভৈয়ামৰ সমন্বয়ৰ সাঁকো হিচাপে অভিহিত কৰে।
এটা জাতিৰ সমাজ আৰু সংস্কৃতি সন্দৰ্ভত গ্ৰন্থ ৰচনা কৰাটো সহজ নহয় বুলি মন্তব্য কৰি গ্ৰন্থখনে পাঠকৰ মন চুহিব পৰাকৈ সুন্দৰ হোৱা বুলি মন্তব্য আগবঢ়ায়। বিশিষ্ট কবি পদ্মশ্ৰী ধনেশ্বৰ ইংতিয়ে গ্ৰন্থখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশ আলোকপাত কৰি মন্তব্য আগবঢ়ায়।

জ্যেষ্ঠ সাংবাদিক পৱিত্ৰ বৰাই সভাখনত উপস্থিত থাকি প্ৰদান কৰা ভাষণত ʼকাৰবি সমাজ আৰু সংস্কৃতি ʼ গ্ৰন্থ খনত কাৰ্বি সকলৰ সমাজ আৰু সংস্কৃতিৰ নিৰ্মোহ বিশ্লেষণৰ লগতে গ্ৰন্থখনৰ পাতে পাতে বিষয়বস্তু সন্দৰ্ভত লেখকৰ গভীৰ অধ্যয়নৰ দিশ প্ৰতিফলিত হোৱা বুলি মন্তব্য কৰে।
লগতে নগেন বৰাক এগৰাকী অত্যন্ত সাহসী আৰু স্পষ্টবাদী লেখক হিচাপে অভিহিত কৰে। লেখক নগেন বৰাই প্ৰদান কৰা চমু ভাষণত ১৯৫৭ চনত চাকৰি সূত্ৰে ডিফুলৈ অহাৰ পিছত কাৰ্বি সকলৰ সংস্কৃতি আৰু সমাজ জীৱনৰ সৈতে সংপৃক্ত হৈ পৰা বুলি মন্তব্য কৰে।
বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সত্য প্ৰদীপ বৰদলৈয়েও সভাখনত ভাষণ প্ৰদান কৰে। সভাত আন কেইবাগৰাকী অতিথিয়ে লেখক-সাংবাদিক নগেন বৰাৰ জীৱন, চিন্তা আৰু কৰ্মৰাজিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। বৰ্ষীয়ান সাংবাদিক নগেন বৰা ৰচিত এইখন পঞ্চম সংখ্যক গ্ৰন্থ।













