
চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ পৰা অসমৰ বিভিন্ন জিলাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তলৈ ড্ৰাগছ সৰবৰাহৰ (Drugs seized) বাবে ব্যৱহাৰ হৈ আহিছে কাৰ্বি আংলং জিলাৰ ৩৯ আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ।

অৱশ্যে কাৰ্বি আংলং জিলাৰ আৰক্ষীৰ ব্যাপক তালাচীৰ বাবে বহু সময়ত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হৈ আহিছে। এইবাৰ নতুন কৌশল অৱলম্বন কৰিছে ড্ৰাগছ সৰবৰাহকাৰীয়ে। স্থানীয় কার্বি যুৱকক ড্রাগছ সৰবৰাহত ব্যৱহাৰ কৰাৰ লগতে কাৰ্বি আংলং জিলাৰ পঞ্জীয়নভুক্ত বাহন ব্যৱহাৰ কৰিছে ড্ৰাগছ মাফিয়াই।
বৃহস্পতিবাৰে পুৱা প্রায় ৬.৩০ বজাত কাৰ্বি আংলং জিলাৰ ডিলাই আৰক্ষীয়ে নিয়মীয়া নাকা তালাচীত ডিমাপুৰৰ দিশৰ পৰা মাঞ্জাৰ দিশলৈ আহি থকা এখন ৱেগন’ৰ গাড়ী নং এএছ ০৯-কে ৭৮০৮ চলোৱা তালাচী কালত প্রায় ৪ কোটি টকা মূল্যৰ মৰফিন উদ্ধাৰ হয়। কৌশলেৰে বাহন খনৰ ভিতৰত লুকুৱাই অনা ১.৯৮৫ কেজি মৰফিন আৰক্ষীয়ে তালাচীত উদ্ধাৰ কৰে।
এই সম্পর্কে জিলা আৰক্ষী অধীক্ষক আৰু বোকাজান মহকুমা আৰক্ষী বিষয়াক অৱগত কৰাত ডিএছপি (প্র) জ্যোতিৰাজ ঠাকুৰীয়াৰ উপস্থিতিত ড্ৰাগছখিনি জব্দ কৰা হয়। এই সংক্রান্তত আৰক্ষীরে বিহাৰৰ মহম্মদ হাকিম (২৬), ডিফুৰ বিৰলাৰ প্রীতম ইংলেং (২৯), বৈঠালাংছ’ৰ ৰূপছিং বংৰুং নামৰ তিনিজন সৰবৰাহকাৰীক আটক কৰে।
উল্লেখ্য যে সৰবৰাহকাৰী সকলৰ ভিতৰত প্রীতম ইংলেং আৰু ৰূপছিং বংৰুং ক্রমে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ নিবাসী হোৱাৰ লগতে জব্দ কৰা বাহনখন কার্বি আংলং জিলাৰ পঞ্জীভুক্ত।













