
কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে চাৰিদফীয়া দাবী পূৰণৰ দাবীত আজিৰে পৰা দুদিনীয়া অৱস্থান ধৰ্মঘট পালন কৰিছে ৷ জিলা গ্ৰামোন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগনত এই অৱস্থান ধৰ্মঘট পালন কৰা হৈছে ৷

ঠিকা ভিত্তিক কৰ্মচাৰী সকলে জানিবলৈ দিয়ে যে, ১৭ হাজাৰ টকা দৰমহাৰে তেওঁলোকে কৰ্ম সম্পাদন কৰি আহিছে ৷ ক’ভিড মহামাৰী, নিৰ্বাচনকে ধৰি ৰাজ্য চৰকাৰৰ সকলো কামতে তেওঁলোকে অংশ গ্ৰহণ কৰে যদিও এই কৰ্মচাৰী সকলৰ দাবী আৰু সমস্যা সমূহ চৰকাৰে আজিলৈকে সমাধান নকৰিলে ৷
দৰমহা কমেও ত্ৰিশ হাজাৰ টকালৈ বৃদ্ধি কৰা, চাকৰিৰ বয়স ষাঠি বছৰ নিৰ্ধাৰণ কৰাকে আদি কৰি মূল চাৰিটা দাবী তেওঁলোকে চৰকাৰৰ ওচৰত উত্থাপন কৰে ৷ কাইলৈ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ সৈতে এখন আলোচনা আছে বুলি উল্লেখ কৰি মুখ্য কাৰ্যবাহী সদস্যৰ জৰিয়তে তেওঁলোকৰ দাবী সমূহ অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত উত্থাপন কৰিব বুলি ব্যক্ত কৰে ৷













