
সমগ্ৰ ৰাজ্যৰ ৪৩ টা স্থানত আজি বিজেপি দলে জিলা স্বাস্থ্য সমাজৰ লগত মিলি ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰে ৷ কাৰ্বি আংলং জিলা বিজেপিৰ উদ্যোগত জিলা স্বাস্থ্য সমাজ আৰু ডিফু চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত ৰক্তদান শিৱিৰ উদ্ধোধন কৰে ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেঙে ৷

এই কাৰ্যসূচীত উপস্থিত থাকে প্ৰাক্তন সাংসদ হৰেণছিং বে’, পৰিষদৰ কাৰ্যবাহী সদস্য মধুৰাম লেকথে, ডিফু চিকিৎসা মহাবিদ্যালয় অধ্যক্ষা ডাঃ সুমিত্ৰা হেগজেৰ ৷ ইয়াৰ পূৰ্বে ডিফু ক্লাৱ প্ৰাঙ্গনত বৃৃৃৃ ৰোপন কাৰ্যসূচী অনুষ্ঠত কৰা হয় ৷
প্ৰাণৰ শিল্পী জৱবিন গাৰ্গৰ স্মৃতিত বৃক্ষ ৰোপন কাৰ্যসূচী মুকলি কৰে ডিফু ক্লাৱৰ সহকাৰী সাধাৰণ সম্পাদক তথা ডিফু মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক অসীম কলিতাই ৷ এশৰো অধিক বিজেপি কৰ্মকৰ্তাই ৰক্তদান কৰে বুলি জানিব পৰা গৈছে ৷ অনুষ্ঠানৰ আৰম্ভনিতে অতিথি সকলে জুবিন গাৰ্গৰ প্ৰতিছ্ববিত মাল্যাৰ্পন কৰি শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷













