
ভিছা অবিহনে (Indian Visa) আৰু ভাৰতীয় পৰ্যটকে ইৰাণলৈ যাব নোৱাৰিব। এতিয়াৰ পৰা ইৰাণলৈ যাব বিচাৰিলে আগতীয়াকৈ ভিছা ল’ব লাগিব।

ইৰাণে ডেৰ বছৰ পূৰ্বে ভাৰতীয়ক দিবলৈ আৰম্ভ কৰা ৰেহাই স্থগিত ৰাখিছে। ভাৰতীয়ৰ ভিছা ৰেহাই দিয়াৰ সিদ্ধান্ত সাময়িকভাৱে স্থগিত ৰাখিছে তেহৰানে। ২২ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই সিদ্ধান্ত। ইৰাণে হঠাতে কিয় এই সিদ্ধান্ত ল’লে তাৰ ব্যাখ্যা ইতিমধ্যে নতুন দিল্লীয়ে দিছে।
ইৰাণে যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত ভাৰতকে ধৰি ৩০ খন দেশৰ নাগৰিকৰ ভিছা ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছিল। তেওঁলোকে এই সিদ্ধান্ত মূলতঃ পৰ্যটনৰ প্ৰসাৰৰ বাবে গ্ৰহণ কৰিছিল। তেতিয়াৰে পৰাই ভাৰতীয়সকলে কিছুমান চৰ্তসাপেক্ষে সাধাৰণ পাছপ’ৰ্ট লৈ ভিছা অবিহনে ইৰাণত প্ৰৱেশ কৰিব পাৰিছিল।
কিন্তু এইবাৰ এই ৰেহাই প্ৰত্যাহাৰ কৰা হৈছে। কাৰণ একাংশ অপৰাধী চক্ৰই ইৰাণৰ ভূমি ব্যৱহাৰ কৰি ভাৰতীয়ক প্ৰতাৰণা কৰি আছে। ইতিমধ্যে নতুন দিল্লীয়ে এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি দেশবাসীক সকীয়াই দিছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বিবৃতিটোত কয় যে ভাৰতীয়সকলক চাকৰিৰ ভুৱা প্ৰতিশ্ৰুতি বা তৃতীয় দেশলৈ নিয়াৰ আশ্বাস দি ইৰাণলৈ লৈ যোৱা হৈছে। শেহতীয়াকৈ এনে কেতবোৰ ঘটনা চৰকাৰৰ দৃষ্টিগোচৰ হৈছে। এই ভাৰতীয়সকলক ভিছা ৰেহাইৰ সুবিধা লৈ ইৰাণলৈ লৈ যোৱা হয়। কিন্তু ইৰাণ পোৱাৰ পিছত তেওঁলোকৰ বহুতকে অপহৰণ কৰি মুক্তিপণৰ দাবী কৰা হয়।
এই পৰিস্থিতিৰ কথা উল্লেখ কৰি নতুন দিল্লীয়ে কয় যে ২২ নৱেম্বৰৰ পৰা ইৰাণ চৰকাৰে ভাৰতীয়ৰ ভিছা ৰেহাই স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে অপৰাধীয়ে যাতে এই সুবিধাৰ অপব্যৱহাৰ কৰিব নোৱাৰে তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।
মন্ত্ৰালয়ে জনোৱা মতে, অহা ২২ নৱেম্বৰৰ পৰা ভাৰতীয়সকলে ভিছা লৈ ইৰাণলৈ যাব লাগিব। এই সন্দৰ্ভত মন্ত্ৰালয়ে ইৰাণলৈ যাওঁতে বা ইৰাণ হৈ তৃতীয় দেশলৈ যাওঁতে এজেণ্টৰ পৰা সাৱধান হ’বলৈও পৰামৰ্শ দিছে।









