
আল কায়দাৰ গুজৰাটৰ সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰ গোচৰত ৰাষ্ট্ৰীয় তদন্ত সংস্থা চমুকৈ নিয়াৰ অভিযান (NIA Raid)। উত্তৰ-পূৰ্বাঞ্চলৰ দুখন ৰাজ্যসহ দেশৰ পাঁচ ৰাজ্যৰ ১০টা স্থানত নিয়াই এই অভিযান চলোৱা বুলি নিয়াৰ সূত্ৰত প্ৰকাশ। বুধবাৰে পশ্চিমবংগ, ত্ৰিপুৰা, মেঘালয়, হাৰিয়ানা আৰু গুজৰাটত এই অভিযান চলোৱা হয়।

অভিযানত বিভিন্ন সন্দেহযুক্ত লোক আৰু তেওঁলোকৰ সহযোগীৰ সৈতে জড়িতসকলৰ ঘৰত তালাচী অভিযান চলোৱা হয়। নিয়াৰ সূত্ৰত প্ৰকাশ পোৱা মতে, এই অভিযানত কেইবাটাও ডিজিটেল ডিভাইচ আৰু নথি-পত্ৰ জব্দ কৰা হৈছে। জব্দকৃত সামগ্ৰীসমূহ ফৰেনছিক বিশ্লেষণৰ বাবে প্ৰেৰণ কৰা হৈছে৷
উল্লেখ্য যে ২০২৩ চনৰ জুন মাহত অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ভাৰতীয় দণ্ডবিধি আৰু বিদেশী আইন আদিৰ বিভিন্ন ধাৰাত নিয়াই ৰুজু কৰা গোচৰৰ অধীনত এই অভিযান চলোৱা হয়। এই গোচৰটোত মহম্মদ ছজিবমিঞা, মুন্না খালিদ আনছাৰী, আজাৰুল ইছলাম আৰু আব্দুল লতিফ নামৰ বাংলাদেশী চাৰিজনে জাল ভাৰতীয় পৰিচয়-পত্ৰ ব্যৱহাৰ কৰি ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা বুলি নিয়াই অভিযোগ কৰে।
আনহাতে, তেওঁলোক নিষিদ্ধ আল কায়দা সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত থকাটোও ধৰা পৰে। তেওঁলোকে বাংলাদেশৰ আল কায়দাৰ কৰ্মীসকলৰ বাবে ধন সংগ্ৰহৰ লগতে হস্তান্তৰৰ কামত জড়িত থকাৰ লগতে মুছলমান যুৱক-যুৱতীসকলক সন্ত্ৰাসবাদৰ প্ৰতি অনুপ্ৰেৰণা যোগোৱাৰ অভিযোগ নিয়াৰ।













