
অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত অব্যাহত আছে নিচাযুক্ত ড্ৰাগছৰ বেহা (Drug Seized) ৷ বৃহস্পতিবাৰে বিয়লি প্ৰায় তিনি বাজি ৩০ মিনিটত এক গোপন খবৰৰ ভিত্তিত খটখটি আৰক্ষীয়ে অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷

ডিলাই থানাৰ অ’চি সূৰ্য কুমাৰ বৰাৰ নেতৃত্বত আৰু বোকাজানৰ অ’চি নৱ কুমাৰ শইকীয়া, খটখটী থানাৰ এছআই জীৱন শইকীয়া, বিকাশ প্ৰতিম মহন্ত আৰু থানা ষ্টাফৰ সহযোগত চলিছিল অবৈধ ড্ৰাগছ বিৰোধী অভিযান ৷
দুদু কলনিৰ পৰা লাহৰিজান দিশে গৈ থকা জামাল আলি (২৬)ক তালাচী চলাওঁতে অভিযানকাৰী দলটোৱে জামাল আলিৰ কৱলৰ পৰা এটা চাবোনৰ বাকচত লুকুৱাই অনা ১২ গ্ৰাম সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এই সন্দৰ্ভত আৰক্ষীয়ে জামাল আলিক আটক কৰি অধিক তথ্য আহৰণৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷












