
মানুহৰ সামান্য স্বাৰ্থৰ বাবে দৈনিক অবাধ হাৰত বনাঞ্চলৰ ধ্বংস জজ্ঞৰ পৰিণতিত বৃদ্ধি পাইছে হাতী- মানুহৰ সংঘাত! তাৰ পৰিণতিৰ ফলত কাৰ্বি আংলং হাতকাজান লালমাটিৰ বালিজানত এগৰাকী ৪৫ বছৰীয়া লোকৰ হাতীৰ গছকত প্ৰাণবায়ু উৰি যোৱাৰ বাতৰিয়ে এলেকাটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

বৃহস্পতিবাৰে পুৱা ১১ বজাত খটখটী আৰক্ষীৰ সুত্ৰে জানিব পৰা অনুসৰি ডিলাই থানা এলেকাৰ হাতকাজানৰ ছেমুৱেল লগুনৰ পুত্ৰ প্ৰদীপ লগুন (৪৫) বজাৰৰ পৰা ঘুৰি অহা সময়ত বুধবাৰে বিয়লি ৪ বজাত লাসমাটীত বনৰীয়া হাতীৰ মুখামুখী হয় ৷
হাতীটোৱে প্ৰদীপ লগুনক গছকি দিয়াৰ ফলত কৰুণ মৃত্যুক সাৱটি লব লগীয়া হয় ৷ ঘটনাৰ খবৰ লাভ কৰি মাঞ্জা আৰু সৰিয়হজান বনবিভাগ আৰু আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ প্ৰদীপ লগুনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উক্ত ঘটনাত এলেকাটোত শোকৰ ছা পৰিছে ৷












