
কাৰ্বি আংলং জিলাৰ ডিফু কাছা ষ্টেডিয়ামত অহা 5 নৱেম্বৰত ভাৰত ৰত্ন ড’ ভূপেন হাজৰিকাৰ (Dr Bhupen Hazarika) মৃত্যু বাৰ্ষিকী দিৱসটি পালন কৰা হ’ব । দেওবাৰে বিয়লি প্ৰায় ২ মান বজাত কাৰ্বি আংলং জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত জিলা আয়ুক্ত নিৰলা ফাংচপীয়ে এই কথা জানিব দিয়ে।

তেওঁ সংবাদ মেলত সম্বোধন কৰি কয় য়ে ভাৰত ৰত্ন ড’ ভুপেন হাজৰিকাৰ পুণ্যতিথিৰ লগত সংগতি ৰাখি ডিফু কাছা ষ্টেডিয়ামত 5 হাজাৰ শিল্পী য়ে ড’ ভুপেন হাজৰিকাৰ ‘মানুহে মানুহৰ বাবে ‘ অমৰ গীতটি একে সময়তে পৰিৱেশন কৰিব।
ইয়াৰ উপৰি 5 হাজাৰ ৰাইজৰ উপস্থিতিত মানৱ শৃংখল প্ৰদৰ্শন কৰা হ’ব । এই উপলক্ষে হাওৰাঘাট আৰু বোকাজান মহকুমাৰ পৰা পৰা গাইপতি 5 শ শিল্পী ,জেষ্ঠ নাগৰিক, শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আৰু সাংস্কৃতিক সমাজৰ প্ৰতিনিধিক আমন্ত্ৰণ জনোৱা হৈছে বুলি আয়ুক্ত গৰাকীয়ে ব্যক্ত কৰে।













