
সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত বোকাজান শাখা কবি সন্মিলনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে বোকাজানত এখনি কবি সন্মিলন আৰু গ্ৰন্থ উন্মোচনী সভাৰ আয়োজন কৰা হয়৷

বোকাজান শাখা কবি সন্মিলনৰ সভাপতি বাৰিম ইংতিয়ে সভাপতিত্ব কৰা অনুষ্ঠানটিত সদৌ অসম কবি সন্মিলনৰ সভাপতি ৰাজুমনি বেজবৰুৱা আৰু প্ৰধনা সম্পাদক চৈয়দ পাাৰেভজ হুচেইন উপিস্থত থাকে৷
অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে বৰ্ষীয়ান ব্যক্তি গিৰীন্দ্ৰনাথ বৰঠাকুৰ আৰু স্মৃতি তৰ্পণ কৰে তিলেশ্বৰ হাজৰিকাই ৷ বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ সম্পাদক কৃষ্ণ দৈমাৰী, কাৰ্বি আংলং’ জিলা কবি সন্মিলনৰ সম্পাদক কৌস্তৱ খাউণ্ড আৰু জিলা সন্মিলনৰ উপদেষ্টা পৰিমিতা গোস্বামী৷
উক্ত অনুষ্ঠানত বোকাজান শাখা কবি সিন্মলনৰ সম্পাদক ৰূপালী বৰঠাকুৰৰ কাব্য সংকলন “দৰিকাত ডুব যোৱা এটি বিষন্ন বিয়লি’’ উন্মোচন কৰে বিশিষ্ট সাহিত্য সমালোচক ড০ প্ৰণৱ ঢেকীয়াল ফুকনে৷ শাখাৰ মুখপত্ৰ ‘কাব্য-কৌঞ্চ’ উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক চৈয়দ পাৰভিজ হুচেইনে ৷
প্ৰধান সম্পাদক হুচেইনে কাব্য চৰ্চা যে মানৱীয় গুন বিকাশৰ এক কমাশাল এই কথা উল্লেখ কৰাৰ লগতে কবিতাই পাপ পূণ্যৰ ধাৰণা কি দৰে মানুহৰ মনত ৰোপন কৰে আৰু পূণ্যৰ কৰাৰ মানসিকতা পাঠকৰ মাজত গঢ়ে তাক সুন্দৰ ভাৱে প্ৰকাশ কৰে৷ সভাপতি বাৰিম ইংতিৰ মন্তব্যৰ পাছতে শাাখাৰ সম্পাদক ৰূপালী বৰঠাকুৰে শলাগ জ্ঞাপন কৰাৰ অন্তত কাব্য মন্ত্ৰ পাঠে সভাৰ সফল সামৰণি মাৰে৷ অনুষ্ঠানৰ পূৰ্বে পতাকা উত্তোলন কৰে বোকাজান শাখাৰ সভাপতি বাৰিম ইংতিয়ে ৷













