
প্ৰতিবছৰৰ দৰে এইবছৰো পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুতো উদযাপন কৰা হৈছে ষঠ পূজা ৷ পানবাৰী ষঠ পূজা উদযাপন সমিতিৰ উদ্যোগত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চলি থকা ষঠ পূজাৰ মঙলবাৰে পুৱা প্ৰায় ৫ বাজি ২২ মিনিটত উদয় হোৱা সূৰ্য দেৱতাক অৰ্ঘ আৰু পূজা অৰ্চনাৰে সফল সামৰণি পৰে ৷

এই উপলক্ষে ডিফু পানবাড়ী ষঠ ঘাটত পুৰুষ -মহিলা ভক্তপ্ৰাণ সকলে সমবেত হয় ৷ ভক্তপ্ৰাণ সকলে উদয়াদিত্তক প্ৰণাম আৰু শ্ৰদ্ধাৰ্ঘ নিবেদন কৰি ইজনে-সিজনক প্ৰেম ভালপোৱা নিবেদন কৰি সকলোৰে সুখ শান্তি আৰু সম্বৃদ্ধি কামনা কৰা পৰিলক্ষিত হয় ৷

ষঠপূজাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীতটো বজাই জুবিন প্ৰেমৰ নিদৰ্শন দাঙি ধৰা হয় ৷













