
কাৰ্বি আংলং জিলাৰ (Karbi Anglong) বিভিন্ন বিধানসভাৰ অধীনত অসম চৰকাৰৰ শুশ্রূষা আঁচনিৰ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে।

কাৰ্বি আংলং জিলা স্বাস্থ আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে পুৱা ৯ বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে ১০৯ নং হাওৰাঘাট বিধান সভা সমষ্টিৰ ডকমকাৰ হাবেৰাম ৰংফাৰ খেল পথাৰত অনুষ্ঠিত হয় এই মেগা স্বাস্থ্য শিৱিৰ ৷
উক্ত শিৱিৰত ১৮ বছৰ অনুৰ্ধৰ ১৩৮৭ গৰাকী শিশু আৰু কিশোৰক স্বাস্থ্য পৰীক্ষাৰ লক্ষ্য লোৱা হৈছে যদিও এই সংখ্যা বৃদ্ধি পাব পাৰে বুলি জানিব পৰা গৈছে ৷ ৰোগী সকলক আনিবলৈ ২১ খন কৈ বাছ ব্যৱহাৰ কৰা হৈছে ৷ যোৱা ১০ অক্টোবৰত কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ জপৰাজান খৰছিং টেৰাং হাইস্কুল প্ৰাংগনত অনুষ্ঠিত হৈ যায় ৷
এই মেগা স্বাস্থ্য শিৱিৰ ৷ এই মেগা স্বাস্থ্য মেলাত ১৪৮৭ গৰাকী ১৮বছৰ অনূর্ধ্ব কিশোৰ আৰু শিশুৰ স্বাস্থ্য পৰীক্ষা লক্ষ্যলৈ কৰা হ’য় ৷ এই শিবিৰত ৫০টা বিভিন্ন ৰোগৰ চিকিৎসা প্রদান কৰা হ’য় লক্ষ্য লৈ ২২৫৬ গৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰা হয় ৷
ডিফু চিকিৎসা মহাবিদ্যালয়ৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসো উপস্থিত থাকি চিকিৎসা প্ৰদান কৰে । ডিফু বিধানসভা সমষ্টিত ৩০ অক্টোবৰত এই স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হ’ব বুলি জানিব পৰা গৈছে ৷ নিউৰ’লজি আৰু কাৰ্ডিঅ’লজিৰ বাবে গুৱাহাটীৰ বিশেষজ্ঞ সকলে চিকিৎসা সেৱা আগবঢ়াব ৷













