
পোহৰৰ উৎসৱ দীপাৱলীৰ মাজতে একে দিনতে দুটাকৈ ভয়ঙ্কৰ অগ্নিকাণ্ডই জোকাৰি গ’ল ডিফু চহৰ (Diphu Fire) ৷ কালি পুৱাৰ ভাগতে ডিফু চহৰৰ মাজ মজিয়াত প্ৰখ্যাত ৰয় বেকাৰী, অনুপ আগৰৱালৰ হাৰ্ডৱেৰ দোকান সহ কেইবাটাও বিত্তীয় প্ৰতিষ্ঠান অগ্নিকাণ্ডত জাহ গৈছিল ৷

তাৰ মাজতে বুধবাৰে পুৱা প্ৰায় ৮ মান বজাত ডিফুত চহৰত সংঘটিত হোৱা আন এক অগ্নিকাণ্ডৰ কথা জানিবলৈ দিয়ে ডিফুৰ অগ্নি নিৰ্বাপক বাহিনীয়ে ৷
সুত্ৰটোৰ পৰা জানিব পৰা অনুসৰি মঙলবাৰে নিশা প্ৰায় ১০ বাজি ৩০ মিনিটত আগষ্টিন ক্ৰামছাৰ বিল্ডিঙৰ কাষতে ৰাজীৱ তেৰাঙ নামৰ এজন লোকৰ বাসগৃহত অগ্নিকাণ্ডৰ সুত্ৰপাত হয় ৷ জুইৰ লেলিহান শিখাই তেৰাঙৰ বাস গৃহটোৰ গ্ৰাউণ্ড ফ্ল’ৰ আৰু প্ৰথম মহলাক গ্ৰাস কৰাৰ ফলত লক্ষ্যাধিক টকাৰ সা-সম্পত্তি জুুুইত জাহ যায় ৷
ঘটনাৰ খবৰ লাভ কৰি ডিফু অগ্নি নিৰ্বানপন বাহিনীয়ে দুখনকৈ বাহনৰে আৰক্ষীৰ সহযোগত জুই নিৰ্বাপিত কৰাৰ ফলত জুই অইন দিশে সম্প্ৰসাৰণ হোৱাৰ পৰা ৰক্ষা পৰে ৷ বাতৰি লিখা পৰলৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷













