
কাৰ্বি আংলং জিলাৰ বিভিন্ন বিধানসভাৰ অধীনত অসম চৰকাৰৰ শুশ্রুষা আঁচনিৰ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে।কাৰ্বি আংলং জিলা স্বাস্থ আৰু পৰিয়াল কল্যাণ বিভাগৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালিকা ডাঃ কাবন টেৰণপীয়ে এক সংবাদমেল সম্বোধন কৰে ৷

অহা ২৩ অক্টোবৰত ১০৯ নং হাওৰাঘাট বিধান সভা সমষ্টিৰ ডকমকাৰ হাবেৰাম ৰংফাৰ খেল পথাৰত অনুষ্ঠিত হব এই মেগা স্বাস্থ্য শিৱিৰ ৷ উক্ত শিৱিৰত ১৮ বছৰ অনুৰ্ধৰ ১৩৮৭ গৰাকী শিশু আৰু কিশোৰক স্বাস্থ্য পৰীক্ষাৰ লক্ষ্য লোৱা হৈছে যদিও এই সংখ্যা বৃদ্ধি পাব পাৰে বুলি সংবাদমেলত জানিবলৈ দিয়ে ডাঃ কাবন টেৰণপীয়ে ৷
ৰোগী সকলক আনিবলৈ ২১ খন কৈ বাছ প্ৰস্তুত কৰি ৰখা হৈছে বুলিও কয় টেৰণপীয়ে ৷ ইতিমধ্যে যোৱা ১০ অক্টোবৰত কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ জপৰাজান খৰছিং টেৰাং হাইস্কুল প্ৰাংগনত অনুষ্ঠিত হৈ যায় ৷ এই মেগা স্বাস্থ্য শিৱিৰ ৷
এই মেগা স্বাস্থ্য মেলাত ১৪৮৭ গৰাকী ১৮বছৰ অনূর্ধ্ব কিশোৰ আৰু শিশুৰ স্বাস্থ্য পৰীক্ষা লক্ষ্যলৈ কৰা হ’য় ৷ এই শিবিৰত ৫০টা বিভিন্ন ৰোগৰ চিকিৎসা প্রদান কৰা হ’য় লক্ষ্য লৈ ২২৫৬ গৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰা হয় ৷
ডিফু চিকিৎসা মহাবিদ্যালয়ৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসো উপস্থিত থাকি চিকিৎসা প্ৰদান কৰে । ডিফু বিধানসভা সমষ্টিত ৩০ অক্টোবৰত আৰু হাওৰাঘাট বিধানসভা সমষ্টিত ২৩ অক্টোবৰত এই স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হ’ব বুলি জানিব পৰা গৈছে ৷ নিউৰ’লজি আৰু কাৰ্ডিঅ’লজিৰ বাবে গুৱাহাটীৰ বিশেষজ্ঞ সকলে চিকিৎসা সেৱা আগবঢ়াব ৷













