
পোহৰৰ উৎসৱ দিপাৱলী উৎসৱৰ মাজতে ডিফু চহৰৰ মাজতে সংঘটিত হ’ল ভয়ঙ্কৰ অগ্নিকাণ্ড (Diphu Fire) ৷ মঙলবাৰে পুৱা প্ৰায় ৪ বাজি ৩০ মিনিটত সংঘটিত উক্ত অগ্নিকাণ্ড ৷

ডিফু চহৰৰ এমজি ৰোডৰ অনুপ আগৰৱালৰ হাৰ্ডৱেৰ দোকান আৰু ৰায় বেকাৰী আৰু ৰামাজী পান দোকানৰ পৰা সুত্ৰপাত সংঘটিত অগ্নিকাণ্ড ৷ ঘটনাৰ খবৰ লাভ কৰি চাৰিটাকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আৰু ডিফু আৰক্ষীৰ সহযোগত নিৰ্বাপিত কৰা হয় জুই ৷
উক্ত অগ্নিকাণ্ডত ৰায় বেকাৰী, ৰামাজীৰ পান দোকান অনুপ আগৰৱালৰ হাৰ্ডৱেৰ দোকান আৰু দুখন গুদাম ঘৰ জলি যায় ৷ অগ্নিকাণ্ডটোত কেইবালক্ষ্যাধিক টকাৰ সা-সম্পত্তি জ্বলি ভস্মীভূত হৈ বুলি জানিব পৰা গৈছে ৷ বাতৰি লিখা পৰলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা গৈছে ৷













