
জাপিতা ব্ৰক্ষ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় ডিফু শাখাই ১৪ অক্টোবৰ সন্ধিয়া শাখাৰ ডিফু-লামডিং পথ স্থিত শাখাৰ সভা গৃহত সামাজিক দায়বদ্ধতা আৰু জন সম্পৰ্ক শীৰ্ষক এক কাৰ্যসূচীৰ আয়োজন কৰিছে ৷

উক্ত কাৰ্যসূচীত বৃহতৰ ডিফু অঞ্চলৰ বিভিন্ন বৰ্গৰ বিভিন্ন সামাজিক অনুষ্ঠানত জড়িত ব্যক্তি সকলক সম্বৰ্ধনা জ্ঞাপন কৰিব ৷
সোমবাৰে দুপৰীয়া শাখাৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত প্ৰজাপিতা ব্ৰ্ৰ্ম কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ডিফু শাখাৰ সঞ্চালিকা বিকে শীলাই সদৰি কৰে ৷ আনহাতে উক্ত কাৰ্যসূচীলৈ ডিফু অঞ্চলৰ জাতি, ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজক উপস্থিত থাকিবলৈ আহ্বান জনাইছে ৷
একেখন সংবাদমেলতে ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ ৰাজস্থানৰ মাউণ্ট আবু স্থিত মুখ্য কাৰ্যালয়ৰ সামাজিক দায়বদ্ধতা আৰু জনসংযোগ বিভাগৰ প্ৰৱক্তা বিকে গিৰিশে মূল্যনিষ্ঠ এখন সমীজ গঢ়িবলৈ কিদৰে সকলো ৰাইজৰ যোগদান আৱশ্যক সেই বিষয়ে বিতং ভাবে দাঙি ধৰাৰ ওপৰিও ঈশ্বৰীয় বিদ্যালয়ৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়েও বাখ্যা কৰে ৷ সংবাদমেলত বিকে গিৰিশে সাংবাদিক সকলৰ বিভিন্ন প্ৰশ্নৰ সাৱলীল উত্তৰ দিয়ে ৷













