
প্ৰাণৰ শিল্পী জুবিন গাৰ্গক (Zubeen Garg) হেৰুৱাৰ বেদনা আজিও পাহৰিব পৰা নাই জুবিন অনুৰাগী সকলে ৷ দেশৰ বিভিন্ন প্ৰান্তত আজিও জুবিনক সুুুুৱঁৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈয়েই আছে ৷

শণিবাৰে বিয়লি প্ৰায় ৪ বজাত অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় ডিফুৰ ৰাংছিনা ভৱনত অসম কবি সন্মিলনৰ অন্তৰ্গত ডিফু শাখা কবি সন্মিলনৰ উদ্যোগত গীত-কথা-কবিতাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় ৷ ডিফু শাখা কবি সন্মিলনৰ সভানেত্ৰী গীতা বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত অনুষ্ঠানটিৰ আঁত ধৰাৰ লগতে উদ্দেশ্য বাখ্যা কৰে সম্পাদক পংকজ ডেকাই ৷
অনুষ্ঠানত বিশিষ্ট সাংবাদিক, সাহিত্যিক লংচিং টেৰণকে ধৰি অন্যান্য গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে ৷ অনুষঠানত কবি, গীতিকাৰ সকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি কবিতা আৰু গীত পৰিৱেশন কৰি জুবিনৰ স্মৃতি সজীৱ কৰি তোলে ৷
নিজৰ ভাষণ প্ৰসংগত সাংবাদিক তথা সাহিত্যিক লংচিং টেৰণে জুবিন গাৰ্গৰ লগত ৯০ দশকৰ বন্ধুত্ব আৰু সান্নিধ্যৰ কথাৰ স্মৃতিৰ ৰোমন্থন কৰে ৷ তদুপৰি কাৰ্বি আংলঙৰ কুকিল কণ্ঠী গায়িকা পখিলা লেকথেপীৰ মায়া কেচেটৰ সৈতে থকা জুবিনৰ সম্পৰ্কৰ কথাও কয় ৷
আনহাতে ডিফু শাখা কবি সন্মিলনৰ সভানেত্ৰী গীতা বৰাই জুবিনৰ স্মৃতি সমূহ ৰোমন্থন কৰাৰ লগতে অসম-মেঘালয় সীমান্তত খাছীয়া দুৰ্বৃৃৃৃৃত্তৰ আক্ৰমণৰ বলি হৈ কাৰ্বি আংলঙৰ অৰিৱেল তিমুঙৰ শোকাৱহ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৷ লগতে চৰকাৰক সীমা সমস্যাৰ সু সমাধান কৰিবলৈ দাবী জনায় ৷













