
অসম বিধানসভা নির্বাচনলৈ মাজত মাথো কেইটামান মাহ বাকী থকা অৱস্থাত কাৰ্বি আংলং (Karbi anglong) জিলা কংগ্রেছত ব্যাপক খহনীয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে দেখুৱাইছে চমক ৷

কংগ্ৰেছৰ প্ৰাক্তন দুই উপ-সভাপতি ক্রমে ৰাতুল তেৰণ, কণ্ঠ শিল্পী ছেমছন ইংতিসহ আন বহু নেতাসহ চাৰি সহস্ৰাধিক কৰ্মীয়ে কংগ্রেছ দল ত্যাগ কৰি আজি বিজেপি দলত যোগদান কৰে।
ডিফুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত এই যোগদান সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ অমৰছিং তিছ’সহ পৰিষদৰ সকলো কার্যবাহী সদস্য আৰু এমএচি।
বিজেপিত যোগদান কৰি ৰাতুল তেৰণ আৰু ছেমছন ইংতিয়ে সংবাদ মাধ্যমৰ আগত কয় যে কংগ্রেছত এতিয়া নেতৃত্ব দিব পৰা উপযুক্ত নেতা নাই বুলি দাবী কৰি তুলিৰাম ৰংহাঙৰ দৰে বিচক্ষণ নেতাই বহু কাম কৰা বুলি উল্লেখ কৰাৰ লগতে জিলা কংগ্রেছ সভাপতি ৰতন ইংতিক তীব্র সমালোচনা কৰে।
আনহাতে কংগ্ৰেছৰ নেতা কর্মীসকলক বিজেপিলৈ আদৰণি জনাই তুলিৰাম ৰংহাঙে ভাষণ প্রসংগত উল্লেখ কৰে যে দেশৰ প্রধানমন্ত্রী, অসমৰ মুখ্যমন্ত্ৰীৰ জনপ্রিয়তা আৰু বিজেপিৰ উন্নয়নমূলক কামৰ প্ৰতি আকৰ্ষিত হৈ এওঁলোকে কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে।
আগন্তুক দুটা বর্ষত দুয়োখন পাৰ্বত্য জিলাৰ ২৬টা পৰিষদীয় সমষ্টিত অভূতপূর্ব উন্নয়ন সাধন কৰা হ’ব বুলি ৰংহাঙে দাবী কৰে। ৰংহাঙে লগতে কয় যে কার্বি আংলং জিলাৰ শিক্ষিত নিবনুৱা সকলক পৰিষদৰ ৰাজহৰ পৰা ৫০০০ টকাকৈ পৰিষদে প্ৰদান কৰাৰ আঁচনি বিবেচনা কৰি আছে।
ইয়াৰ উপৰি পৰিষদৰ অধীনত সকলো জনজাতীয় আৰু ভূমিহীন খিলঞ্জীয়াক পৰিষদে ভূমিৰ পট্টা প্ৰদান কৰিব ইতিমধ্যে প্রায় ১লাখ লোকক ভূমিৰ পট্টা পৰিষদে প্ৰদান কৰা বুলিও ৰংহাঙে ভাষণ প্রসংগত উল্লেখ কৰে।
আজিৰ এই যোগদান সভাত কংগ্ৰেছ দলৰ প্ৰাক্তন জিলা সম্পাদক মোহন তেৰণ, নেতা ছাৰছিং ইংতি, পৰিষদৰ প্ৰাক্তন সচিব চি এছ তেৰণকে আদি কৰি প্ৰায় ৪ হেজাৰ নেতা কর্মীয়ে বিজেপিত যোগদান কৰা বুলি দাবী কৰে তুলিৰাম ৰংহাঙে ৷













