
দীৰ্ঘ দিনীয়া অপেক্ষাৰ ওৰ পেলাই মাঞ্জাৰ সমীপৰ আমলখিৰ চাৰিলেন যুক্ত পথৰ কাষত মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত কাৰ্বি আংলং কৃষি বিজ্ঞান কেন্দ্ৰৰ নৱ নিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰা হয় ৷

অসম কৃষি বিশ্ব বিদ্যালয় যোৰহাটৰ উপচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকাই ফিটা কাটি নৱ নিৰ্মিত ভৱনটিৰ শুভ উদ্ধোধন কৰে ৷ ইয়াৰ পাছতে কাৰ্য ক্ৰমণিকা অনুসৰি বন্তি প্ৰজলন আৰু নৱ নিৰ্মিত ভৱনৰ ফলক উন্মোচন কৰা হয় ৷
তাৰ পাছত কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদতে কেন্দ্ৰটিৰ জ্যেষ্ঠ বিজ্ঞানীডঃ মনোজ কুমাৰ দলেৰ তত্বাৱধনাত অনুষ্ঠিত হয় মুকলি সভা৷ মুকলি সভাটিৰ আদৰণি ভাষণ প্ৰদান কৰে মনোজ কুমাৰ দলেই ৷ সভাত ডঃ ৰাজবীৰ কাদিৰবেল আৰু গুৱাহাটীৰ আটাৰিৰ সঞ্চালক গোবিন্দ স্বামীয়ে ভাৰ্চুৱেলি ভাষণ প্ৰদান কৰে ৷

মুকলি সভাখনত অসম কৃষি বিশ্ব বিদ্যালয় যোৰহাটৰ উপাচাৰ্য বিদ্যুৎ চন্দন ডেকা, সহযোগী কৃষি সম্প্ৰসাৰণ বিষয়া ৰঞ্জিত কুমাৰ হাউত, অভিযন্তা পংকজ বৰুৱা, অসম কৃষি বিশ্ব বিদ্যালয়া যোৰহাটৰ অধীনৰ ডিফু মাণ্ডলিক গৱেষনা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃ কে ডি সিনহা, ভাৰতীয় কিশান সংঘৰ ৰাজ্যিক সভাপতি কুৰুচাৰ তিমুঙ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপ সচিব আংতং তিচো অতিথি হিছাপে উপস্থি়ত থাকে ৷

নিজৰ ভাষণ প্ৰসংগত মুখ্য বিজ্ঞানী ডঃ কেডি সিনহাই কয়যে, কৃষি বিজ্ঞান কেন্দ্ৰও কৃষক আৰু ইয়াৰ বিষয়ববীয়া সকলৰ বাবে এক মন্দিৰ স্বৰূপ ।
এই কেন্দ্ৰত সকলোৰে সহযোগিতা আৰু প্ৰচেষ্টা থাকিলে কেন্দ্ৰটো আগুৱাই যাবলৈ সক্ষম হব ৷ ইয়াৰ পৰা জ্ঞান আহৰণ কৰি কৃষি ক্ষেত্ৰত বিকাশ কৰিব পাৰিব ৷ আনহাতে অসম কৃষি বিশ্ব বিদ্যালয় যোৰহাটৰ উপাচাৰ্য ডঃ বিদ্যুত চন্দন ডেকাই নিজৰ অনুপ্ৰেৰণামুলক ভাষণত কয় যে, আমলখিত কৃষি বিজ্ঞান কেন্দ্ৰৰ ভৱন নিৰ্মানৰ পৰিকল্পনা ২০ বছৰৰ পৰা আছিল ৷
বহুত ঘাত-প্ৰতিঘাতৰ পিছত সেই শুভ দিনটো আজি আহিল আৰু ভৱনটিৰ শুভ উদ্ধোধন কৰা হ’ল ৷ অসমৰ ২৩ খন কৃষি বিজ্ঞান কেন্দ্ৰৰ ভিতৰত প্ৰথম স্থানত থকা ধেমাজিৰ পাছতে দ্বিতীয় স্থানত থাকিব আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰ ৷













