
অসমৰ লগতে মঙলবাৰে কাৰ্বি আংলং জিলাতো মহিলাসকলৰ মাজত অৰুণোদয় ৩.০ আঁচনি (Arunudoi 3.0) মুকুলি কৰা হয়। কাৰ্বি আংলং জিলা প্রশাসন আৰু ডিফু পৌৰসভাৰ সহযোগত ডিফুৰ লাংকুং হাবে টাউন হলত অৰুণোদয় ৩.০ আঁচনি শুভাৰম্ভ কৰা হয়।

এই কার্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকে কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং।
সাংসদ অমৰ ছিং তিছ’, বিধায়ক দৰছিং ৰংহাং, জিলা আয়ুক্ত নিৰলা ফাংচপীও এই কার্যসূচীত উপস্থিত থাকে। কার্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ মুঠ ১লাখ ২৬হাজাৰ ৬শ ৭৮গৰাকী মহিলাই এইবাৰ পাহাৰীয়া জিলা দুখনত এই আঁচনিত অন্তর্ভুক্ত হৈছে।

মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে কয় যে এই আঁচনিৰ জৰিয়তে এইবাৰ জিলা দুখনত ইতিহাস সৃষ্টি হৈছে। কাৰণ, পাৰ্বত্য জিলা দুখনৰ বহু অঞ্চললৈ যান-বাহন চলাচল নকৰে যদিও ইমান বৃহৎ সংখ্যক মহিলাক আমি এই আঁচনিৰ অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছো।
ইয়াৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জ্ঞাপন কৰে মুখ্যকাৰ্যবাহী সদস্য ৰংহাঙে। উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় ভাবং মুকলি কৰা এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ ডিফুতো অনুষ্ঠিত কৰা হয়।













