
শণিবাৰে বিয়লি প্ৰায় চাৰে তিনি বজাত বোকাজানৰ সমীপত সঘটিত হয় ভয়ঙ্কৰ পথ দুৰ্ঘটনা ।

প্ৰাপ্ত খবৰ অনুসৰি ৰংপুৰ দাৰোগা বাগানৰ ৰাষ্ট্ৰীয় ঘাই পথত শুকানজানৰ দিশৰ পৰা তীব্ৰ বেগে আহি থকা AS 02 T 6905 পঞ্জীয়ন নম্বৰৰ বলেৰ’ বাহনখনে খটখটী দিশৰ পৰা শুকানজান দিশে গৈ থকা AS 09 L 4607 গ্ৰাণ্ড ভিটাৰা আৰু AS 09 BC 2368 যাত্ৰীবাহী অট’ ৰিক্সা গাড়ীত খুন্দিয়াই দি পথৰ কাষত বাগৰি পৰে ৷

ফলত দুজন লোক গুৰুতৰ ভাবে জখম প্ৰাপ্ত হয় ৷ লোকজনক ততালিকে বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় ৷ বাতৰি লিখা পৰলৈকে লোক দুজনৰ নাম- ঠিকনা জানিব পৰা হোৱা নাই ৷













