
কাহৰ চিৰাপ (Cough Syrup) খোৱাৰ ফলত শিশুৰ মৃত্যুৰ আশংকা সমগ্ৰ দেশতে বিৰাজমান। মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ কেইবাজনো শিশুৰ ৰহস্যজনক মৃত্যুত ‘কল্ড্ৰিফ’ নামৰ এটা কাহৰ চিৰাপ জড়িত হৈ পৰিছে। সমগ্ৰ ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

যদিও বিজেপিশাসিত ৰাজ্য দুখনৰ মন্ত্ৰীসকলে এতিয়াও কাহৰ চিৰাপ আৰু শিশুৰ মৃত্যুৰ মাজৰ সম্পৰ্ক মানি ল’বলৈ অনিচ্ছুক। ইফালে আতংকময় পৰিৱেশত খৰখেদাকৈ ব্যৱস্থা গ্ৰহণ কৰি শুকুৰবাৰে তামিলনাডু চৰকাৰে ৰাজ্যখনত এই চিৰাপ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰে।
কিন্তু বিতৰ্কৰ কেন্দ্ৰবিন্দু এই চিৰাপ সন্দৰ্ভত বিভিন্ন ৰাজ্যত তদন্ত আৰম্ভ হৈছে। তাৰ মাজতে মধ্যপ্ৰদেশ চৰকাৰে শিশুৰ মৃত্যুৰ ক্ষেত্ৰত এই চিৰাপৰ সংযোগ মানি ল’বলৈ অনিচ্ছুক।
মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰাত এই ঘটনা আৰম্ভ হয়। অভিযোগ অনুসৰি, তাত বৃক্ক বিকল হৈ ৯টা শিশুৰ মৃত্যু হয়। পৰিয়ালসমূহে দাবী কৰে যে শিশুসকলে মৃত্যুৰ পূৰ্বে এই বিশেষ কাহৰ চিৰাপটো সেৱন কৰিছিল। ৰাজস্থানতো একে ঘটনা সংঘটিত হৈছে।
তাত ছিকাৰ জিলাত দুটা আৰু ভৰতপুৰত এটা শিশুৰ মৃত্যু হয়।
মহকুমা প্ৰশাসনে কলড্ৰিফ আৰু নেক্সট্ৰ’ ডি এছ নামৰ দুটা কাহৰ চিৰাপৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। কিন্তু হঠাৎ মধ্যপ্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী ৰাজেন্দ্ৰ শুক্লাই ঘোষণা কৰে যে কাহৰ চিৰাপৰ শিশুটিৰ মৃত্যুৰ লগত কোনো সম্পৰ্ক নাই।
তেওঁ কয়, “মৃত্যু কাহৰ চিৰাপৰ বাবে হোৱা নাছিল।” কিন্তু পিছত তেওঁ স্বীকাৰ কৰিবলৈ বাধ্য হয় যে চিৰাপৰ নমুনা নাগপুৰ আৰু পুনেৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে। লগতে তেওঁ কয় যে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছে।
আনহাতে, ৰাজ্যখনত এই ঔষধ নিষিদ্ধ হ’বনেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে দাবী কৰে, “কাহৰ চিৰাপৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সম্পূৰ্ণ ভিত্তিহীন। মই নিশ্চিত যে কাহৰ চিৰাপৰ বাবেই এই মৃত্যু হোৱা নাই।”
আনহাতে, ৰাজস্থান চৰকাৰে ইতিমধ্যে এই ঘটনাৰ তদন্তৰ বাবে এখন কমিটী গঠন কৰা বুলি উল্লেখ কৰিছে। কোনো কাৰণতে দোষীক ৰেহাই দিয়া নহ’ব বুলিও দাবী কৰিছে প্ৰশাসনে। ৰাজস্থানৰ গৃহমন্ত্ৰী জহাৰ বেদামে কয় যে প্ৰাৰম্ভিক তদন্তত চিকিৎসকসকলক ক্লিন চিট দিয়া হৈছে।
মৰুৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰা এক বিবৃতিতো একেই কথা কোৱা হৈছে। স্বাস্থ্য মন্ত্ৰালয়ে দাবী কৰিছে যে চৰকাৰৰ ‘বিনামূলীয়া ঔষধ আঁচনি’ৰ অধীনত বিতৰণ কৰা কাহৰ চিৰাপৰ বাবেই ভাৰতপুৰ আৰু ছিকাৰত শিশুৰ মৃত্যু হোৱা নাই। সূত্ৰ অনুসৰি, ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰই মধ্যপ্ৰদেশৰ ৫০০ লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰিছে।
ইতিমধ্যে প্ৰতিবেদনত স্পষ্ট কৰি দিয়া হৈছে যে পৰীক্ষা কৰা নমুনাত কোনো সংক্ৰামক ৰোগৰ বীজাণু পোৱা নাই। ফলত কাহৰ চিৰাপৰ ওপৰত সন্দেহ আৰু অধিক কেন্দ্ৰীভূত হৈছে। এনে পৰিস্থিতিত ষ্টেলিন চৰকাৰক আগতীয়াকৈ সতৰ্ক কৰি দিয়া হৈছে। ফলত তামিলনাডুত খৰখেদাকৈ এই ঔষধ নিষিদ্ধ কৰা হয়।












