
কাৰবি আংলং জিলাৰ অতি ভিতৰুৱা চকীহোলাত জন্ম গ্ৰহণ কৰা তিমথি দাস হান্সে অসমৰ সংগীত আৰু চলচ্চিত্ৰ জগতৰ এটা চিনাকী নাম ৷ কৃষি বিভাগৰ উদ্যান শস্য সঞ্চালক ৰূপে অৱসৰ গ্ৰহণ কৰা তিমথি দাস হান্সেৰ পৰিচয় বিষয়া ৰূপে নহয় অসমীয়া আৰু কাৰবি চলচ্চিত্ৰৰ চিত্ৰনাট্যকাৰ ; পৰিচালক আৰু প্ৰযোজক ৰূপেহে তেখেতক অসমৰ জনতাই চিনি পাইছিল ৷

১৯৮৫ চনৰ পৰা তেখেত অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত হয় ৷ ১৯৯০ চনত তেওঁৰ কাহিনী ; চিত্ৰনাট্য আৰু গীতেৰে মুক্তিলাভ কৰে সফল অসমীয়া চলচ্চিত্ৰ “ পাহাৰী কন্যা ” ৷ সেই বছৰতে তেওঁৰ কাৰবি ভাষাৰ “ শ্বেৰ আলং” নামৰ তথ্য-কাহিনীভিত্তিক ছবিখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে ৷
ইয়াৰ পিছতে “ ৰঙা মদাৰ” ; “ প্ৰেম পাহাৰে-ভৈয়ামে ” নামৰ ছবি দুখনে মুক্তি লাভ কৰে ৷ “প্ৰেম পাহাৰে-ভৈয়ামে” ছবিখনে চিত্ৰলেখা বঁটা ; মুনলাইট মিডিয়া বঁটা লাভ কৰাৰ লগতে অসমৰ চলচ্চিত্ৰ প্ৰেমী ৰাইজে দুয়োখন ছবি আদৰি লয় ৷ প্ৰচাৰ ভাৰতী ব্ৰডকাষ্টিং কৰ্পৰেচনৰ তেওঁ এগৰাকী স্বীকৃত প্ৰযোজক পৰিচালক আছিল ৷
তেওঁৰ “ কাৰবি জনজাতিৰ উৎসৱ” নামৰ তথ্যচিত্ৰখনে ১৯৯৫ চনত থিৰুৱনন্তপুৰমত অনুষ্ঠিত আন্তৰ্জাতিক ভিডিঅ’ ফিল্ম ফেষ্টিভেলত “ চাৰ্টিফিকেট অৱ মেৰিট ” সন্মান লাভ কৰিছিল ৷ তেওঁৰ “ জীৱন বাটৰ লগৰী ” নামৰ চলচ্চিত্ৰ খনে ২০১০ চনত অসম চৰকাৰৰ চলচ্চিত্ৰ বঁটা লাভ কৰে ৷ শ্ৰেষ্ঠ অভিনেতা ; শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু শ্ৰেষ্ঠ কৰিঅ’গ্ৰাফাৰ বঁটা লাভ কৰিছিল “জীৱন বাটৰ লগৰীয়ে” ৷
তেখেতৰ আন এখন ব্যৱসায়িক ভাবে সফল ছবি হ’ল “ পলে পলে উৰে মন ” ৷ এইখন ছবিৰো কাহিনী ; চিত্ৰনাট্য আৰু সংগীত তেওঁ নিজেই পৰিচালনা কৰিছিল ৷ এই ছবিখনৰ হিন্দী সংস্কৰনো মুকলি হৈছিল ৷ এইখন ছবিয়েও ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল ৷

ইয়াৰ উপৰি তেওঁৰ নিজৰ গীতৰ বহু কেইটা এলবাম আছে ৷ সদ্য প্ৰয়াত অসমৰ জনতাৰ হৃদয়ৰ শিল্পী জুবিন গাৰ্গকে ধৰি অসমৰ প্ৰায় সকলো বিশিষ্ট শিল্পীয়ে তেওঁৰ গীতত কণ্ঠদান কৰিছিল ৷ তেওঁৰ ছবিত নিপন গোস্বামী ; অৰুণ নাথ; মলয়া গোস্বামী ; গায়ত্ৰী মহন্ত ; ৰবী শৰ্মাকে ধৰি অসমৰ প্ৰায় সকলো বিশিষ্ট শিল্পীয়ে অভিনয় কৰিছিল ৷
অসমৰ সাংস্কৃতিক জগতৰ এইগৰাকী বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তিমথি দাস হান্সে দীৰ্ঘদিনৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ মুম্বাইত থকা একমাত্ৰ জীয়ৰী ডা° ছানচিতা ( লভলী) হান্সেপীৰ তত্ত্বাৱধানত চিকিৎসা কৰি আছিল ৷ বাৰে বাৰে অসমলৈ আহিবলৈ মন কৰাত তেওঁক আনি গুৱাহাটী খ্ৰীষ্টানবস্তিৰ ছেন্ট থমাছ চিকিৎসালয়ত আগষ্ট মাহৰ পৰা চিকিৎসা কৰি থকা হৈছিল ৷
আজি দিনৰ ১২ বজাত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা গীতিকাৰ-সুৰকাৰ গৰাকীয়ে ইহলীলা সম্বৰণ কৰে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী তথা অভিনেত্ৰী বিউটি বৰুৱা আৰু একমাত্ৰ কন্যাক ইহ সংসাৰত এৰি গৈছে ৷ কাইলৈ ডিফুত তেওঁৰ অন্তমি সৎকাৰ কৰা হ’ব ৷













