
কাৰ্বি আংলং জিলাৰ ডিফু বিধান সভা সমষ্টিৰ অন্তৰ্গত 29 খন দুৰ্গা পূজা সমিতি সমূহলৈ শণিবাৰে পুৱা ৯ বজাৰ পৰা ডিফু স্হিত আৱৰ্ত ভৱনত আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয় ।

এই উপলক্ষে আৰ্থিক সাহাৰ্য্য প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰুপে উপস্থিত থকা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে পূজা সমিতিৰ বিষয় ববীয়া সকলৰ হাতত ৰাজ্য চৰকাৰে জিলাখনলৈ আগবঢ়োৱাৰ আৰ্থিক সাহাৰ্য্য যুক্ত ডিমানড ড্রাফট অৰ্পণ কৰে।
মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে দুৰ্গা পূজা সমিতিক পূজাৰ শুভেচ্ছা জ্ঞাপন কৰি শান্তি পূৰ্ণ পৰিৱেশত শাৰদীয় দুৰ্গাপূজাৰ আৰাধনা কৰিবলৈ ধৰ্ম প্ৰাণ ৰাইজক আহ্বান জনায়। অনুষ্ঠানত সাংসদ অমৰছিং তিছ’, পৰিষদৰ উপাধ্যক্ষ, কাৰ্যবাহী সদস্য, জিলা আয়ুক্ত নিৰলা ফাংচপীৰ উপৰি জিলা প্ৰশাসনৰ অন্যান্য বিষয়া সকল উপস্থিত থাকে।













