
সমগ্ৰ জিলাখনৰ লগতে কাৰ্বি আংলং জিলাতো শাৰদীয় দুৰ্গোৎসৱ, কাৰ্বি মাণ্ডলিক যুৱ মহোৎসৱ আৰু মহান শিল্পী জুবিন গাৰ্গৰ (Zubeen Garg) শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শান্তিপূৰ্ণ ভাবে অনুষ্ঠিত কৰাৰ উদ্দেশ্যলৈ শণিবাৰে দিনৰ প্ৰায় ১২ মান বজাত কাৰ্বি আংলং জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত ডিফু আৱৰ্ত ভৱনৰ সভা কক্ষত এক শান্তি সভা অনুষ্ঠিত হয় ৷ জিলাখনৰ কেএছএকে আদি কৰি মহিলা সংগঠন আৰু সামাজিক সংগঠনৰ প্ৰতিনিধিয়ে উক্ত সভাত অংশ গ্ৰহণ কৰে ৷

জিলা আয়ুক্ত নিৰলা ফাংচপীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা সভাখনত অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মা, সহকাৰী আয়ুক্ত দীপাঙ্কৰ বৰা, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক কংকন নাথ, জিলা উপ আৰক্ষী অধীক্ষক ৰিচাৰ্ড বাইলুঙ উপস্থিত থাকে ৷
সভাখনৰ উদ্দেশ্য আৰু লক্ষ্য বাখ্যা কৰি জিলা আয়ুক্ত নিৰলা ফাংচপীয়ে কয়যে, শাৰদীয় দুৰ্গোৎসৱ, প্ৰয়াত মহান শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলী আৰু চহকী কাৰ্বি মাণ্ডলিক যুৱ মহোৎসৱৰ দৰে তিনিটাকৈ গুৰুত্বপূৰ্ণ ইভেন্ট চলিব ৷ সেয়ে জন সাধাৰণক এই সময়ছোৱাত শান্তি-শৃংখলা বজাই ৰখাৰ আহ্বান জনায় ৷
সমান্তৰালকৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানো যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে দৃষ্টি ৰাখিব লাগে ৷ আনহাতে দুৰ্গোৎসৱৰ সময়ত কেএছএ, বজাৰ কমিটি আৰু পূজা কমিটিৰ তৰফৰ পৰা পৰ্যাপ্ত স্বেচ্ছা সেৱী নিয়োগ কৰাৰো পৰামৰ্শ আগবঢ়ায় ৷

আনহাতে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক কংকন নাথে কয়যে, পূজাৰ সময়ত ডিফু চহৰৰ যান-বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পৰিস্থিতি বুজি ন’ এণ্ট্ৰি স্থাপন আৰু মুকলি কৰা হ’ব ৷ অধিক ভিৰ হোৱা স্থান সমূহত ন’এণিট্ৰি লগোৱাৰ বিপৰীতে কম ভিৰ হোৱা স্থান সমূহ মুকলি কৰা হব ৷













