
এইবাৰ ড’নাল্ড ট্ৰাম্পে (Donald Trump) ঔষধৰ ওপৰতো শুল্ক আৰোপ কৰিবলৈ ওলাইছে। অহা বুধবাৰৰ পৰা (১ অক্টোবৰ) আমেৰিকালৈ আমদানি কৰা সকলো ঔষধৰ ওপৰত ১০০ শতাংশ শুল্ক কাৰ্যকৰী হ’ব। অৱশ্যে ট্ৰাম্পে কয় যে যদি ঔষধ নিৰ্মাতা বা বিতৰকে আমেৰিকাত কাৰখানা নিৰ্মাণ কৰে তেন্তে কোনো শুল্ক আদায় দিব নালাগে।

বৃহস্পতিবাৰে ট্ৰাম্পে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে, “২০২৫ চনৰ ১ অক্টোবৰৰ পৰা আমি যিকোনো বিদেশী কোম্পানীৰ ঔষধৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিম। অৱশ্যে যদি কোনো কোম্পানীয়ে আমেৰিকাত নিজৰ উৎপাদন কাৰখানা নিৰ্মাণ কৰে, তেতিয়া বেলেগ কথা।”
চৰ্তটো ব্যাখ্যা কৰি তেওঁ কয় যে কাৰখানাটো নিৰ্মাণৰ কাম চলি আছে বা প্ৰচেষ্টা হাতত ল’লেও প্ৰযোজ্য হ’ব। কিন্তু বহুতৰ অনুমান যে এই কথা কৈ ট্ৰাম্পে বিশ্বৰ ঔষধ কোম্পানীসমূহৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে। তেওঁ এই বাৰ্তা দিছে যে আমেৰিকাত কাৰখানা নিৰ্মাণৰ অন্ততঃ প্ৰাৰম্ভিক কাম আৰম্ভ কৰিলেও তেওঁলোকে ১০০ শতাংশ আমদানি শুল্ক এৰাই চলিব পাৰে।
ব্যৱসায়িক কাৰণত ভাৰতীয় ঔষধ কোম্পানীসমূহৰ বাবে আমেৰিকা অতি গুৰুত্বপূৰ্ণ দেশ। ভাৰতীয় ঔষধ কোম্পানীসমূহে ২০২৪ চনত আমেৰিকালৈ ৩১,৬২৬ কোটি টকাৰ ঔষধ ৰপ্তানি কৰিছিল। ২০২৫ চনৰ প্ৰথম ছমাহত ৰপ্তানি কৰা ঔষধৰ মূল্য আছিল ৩২,৫০৫ কোটি টকা। ট্ৰাম্পৰ এই ঘোষণাৰ বাবেই ভাৰতীয় কোম্পানীসমূহে আমেৰিকাৰ সম্ভাৱ্য বজাৰ হেৰুৱাব পাৰে বুলি আশংকা কৰা হৈছে।
ছ’চিয়েল মিডিয়াত আন এটা পোষ্টত ট্ৰাম্পে কয় যে পাকঘৰৰ বিভিন্ন সঁজুলি আৰু বাথৰুমৰ প্ৰসাধন সামগ্ৰীৰ ওপৰত ৫০ শতাংশ আমদানি শুল্ক আৰোপ কৰা হৈছে। ঘৰুৱা সামগ্ৰীৰ ওপৰত ৩০ শতাংশ শুল্ক আৰোপ কৰা হৈছে।
অহা বুধবাৰৰ পৰা কাৰ্যকৰী হ’ব নতুন শুল্কৰ হাৰ। এই সিদ্ধান্তৰ ব্যাখ্যা দি ট্ৰাম্পে কয় যে আন দেশত নিৰ্মিত এই দুবিধ সামগ্ৰীয়ে আমেৰিকাৰ বজাৰত বন্যাৰ সৃষ্টি কৰিছে। সেয়েহে ট্ৰাম্পে দাবী কৰে যে তেওঁ এই সিদ্ধান্ত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত লৈছে।
আন এটা পোষ্টত ট্ৰাম্পে কয় যে আন দেশত নিৰ্মিত বৃহৎ ট্ৰাকসমূহে আমেৰিকালৈ আমদানিৰ ওপৰত ২৫ শতাংশ শুল্ক আদায় দিব লাগিব। এই ক্ষেত্ৰতো ট্ৰাম্পৰ ব্যাখ্যা হ’ল, আন দেশৰ পৰা অহা ট্ৰাকে আমেৰিকাৰ কোম্পানীসমূহৰ ক্ষতি কৰিছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “আমাৰ দেশৰ কোম্পানীসমূহক আৰ্থিকভাৱে শক্তিশালী কৰাটো গুৰুত্বপূৰ্ণ। এই সিদ্ধান্তৰ আঁৰত বহু কাৰণ আছে যদিও আটাইতকৈ ডাঙৰ কাৰণটো হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা।”











