
জুবিন গাৰ্গৰ কাৰ্বি পাহাৰৰ সৈতে আছিল এক নিবিড় সম্পৰ্ক। কাৰ্বি ভাষাত কেইবাটাও জনপ্ৰিয় গীত বাণীবদ্ধ কৰিছিল জুবিনে। জুবিনৰ অকাল বিয়োগত মৰ্মাহত কাৰ্বি আংলঙবাসী ৷শণিবাৰে সন্ধিয়া ৫ মান বজাত প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ স্মৃতিত ডিফু কলাকেন্দ্ৰত আযোজন কৰা হয় ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

ডিফুৰ বিভিন্ন সংগঠনৰ উপৰি অলেখ গুণমুগ্ধই জুবিনক শ্ৰদ্ধা জনাই তেওঁক স্মৰণ কৰে। ডিফুৰ অন্যান্য স্থানতো হাৰ্টথ্ৰব গৰাকীলৈ জনোৱা হয় শ্ৰদ্ধাঞ্জলি, উক্ত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান কেইবাগৰাকী বিশিষ্ট শিল্পী আৰু অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলী জনায় ৷












