
ৰাজস্থানত গ্ৰেপ্তাৰ (Arrest in Rajasthan) হৈছে মহিলা সৰবৰাহৰ এটা বৃহৎ চক্ৰ (Women’s supply cycle)। গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ৰাজ্যিক আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰি ঝলাৱাৰত সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰে ১৫ গৰাকী নাবালিকা (Rescued 15 minor girls)ক। এই ঘটনাত ইতিমধ্যে আৰক্ষীয়ে ১১ জন লোকক গ্ৰেপ্তাৰ (11 people arrested) কৰিছে। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত আছে মুম্বাইৰ তিনিজন সৰবৰাহকাৰী।
ঝলাৱাৰৰ আৰক্ষী অধীক্ষক অমিত কুমাৰে জনোৱা মতে, প্ৰথম অৱস্থাত ১০ গৰাকী নাবালিকাক উদ্ধাৰ কৰা হৈছিল। উক্ত তথ্যৰ ভিত্তিত বাকী সৰবৰাহকাৰীসকলকো উদ্ধাৰ কৰা হয়। আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে, উদ্ধাৰ কৰা নাবালিকাকেইগৰাকীমানক তেওঁলোকৰ পৰিয়ালৰ হাতত গতাই দিয়া হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, সৰবৰাহকাৰীসকলে মূলতঃ অৰ্থনৈতিকভাৱে পিছপৰা, ঋণগ্ৰস্ত পৰিয়ালক বাছি লৈছিল। ইয়াৰ পিছত তেওঁলোকে বহুত টকাৰে প্ৰলোভিত কৰি নাবালিকাক ক্ৰয় কৰিছিল।
আৰক্ষীৰ সূত্ৰ অনুসৰি, সৰবৰাহ কৰা নাবালিকাসকলৰ বয়স ৫ৰ পৰা ১০ বছৰৰ ভিতৰত। সৰবৰাহকাৰীয়ে ১১ বছৰৰ তলৰ শিশুকেইগৰাকীক নিজৰ জিম্মাত ৰাখিছিল। অভিযোগ অনুসৰি, তেওঁলোকে ১১ বছৰ বয়সত মুম্বাইত যৌনকাৰ্যত লগাবলৈ বাধ্য হৈছিল। উদ্ধাৰ কৰা শিশুকেইটাৰ বয়স ৪-৫ বছৰৰ ভিতৰত। তদন্তকাৰীয়ে জনোৱা মতে, ৰাজ্যজুৰি এই সৰবৰাহৰ নেটৱৰ্ক ক’ত বিয়পি আছে আৰু কোন জড়িত আছে সেই বিষয়ে জানিবলৈ এক অনুসন্ধান অভিযান চলোৱা হ’ব।













