
এটা যুগৰ অৱসান ঘটাই শুকুৰবাৰে কোনো দিনে উভতি নাহে বাটে গুচি যায় জনতাৰ শিল্পী জুবিন গাৰ্গ (Zubeen Garg)। জুবিন যুগৰ এই অকাল যৱনিকাত এতিয়া শোকস্তব্ধ সমগ্ৰ ৰাজ্যবাসী।

কেউফালে কেৱল হিয়াভঙা ক্ৰন্দনৰ সুৰ। তাৰ মাজতে জুবিনৰ প্ৰতি শ্ৰদ্ধা জনাই অসম চৰকাৰে ঘোষণা কৰিছে তিনিদিনীয়া ৰাজ্যিক শোক।
অসম চৰকাৰৰ মুখ্য সচিবে সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে এই কথা। ২০, ২১ আৰু ২২ ছেপ্টেম্বৰত ৰাজ্যিক শোক ঘোষণা কৰা হৈছে। এই তিনিদিনত স্থগিত থাকিব সকলো চৰকাৰী কাৰ্যসূচী । কোনো মনোৰঞ্জনমূলক অনুষ্ঠান তথা ৰাজহুৱা সভাও অনুষ্ঠিত নহয় ।













