ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Zubeen Garg । ১৯৭২-২০২৫ : অৰ্ধ শতিকাজোৰা জুবিন গাৰ্গৰ যৱনিকা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 20, 2025
Reading Time: 3 mins read
A A
0
Zubeen Garg । ১৯৭২-২০২৫ : অৰ্ধ শতিকাজোৰা জুবিন গাৰ্গৰ যৱনিকা

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

সময়ৰ হিচাপত তেনেই নগণ্য। কিন্তু এইখিনি সময়ৰ ভিতৰতে তেওঁ কি দিয়া নাই, কি পোৱা নাই। তথাপিও যেন তেওঁৰ পৰা পাবলৈ আৰু বাকী থাকিল। তেওঁক দিবলৈও বহুত বাকী থাকিল। হয়, হিয়াৰ আপোন শিল্পী জুবিন গাৰ্গৰ কথাকে কৈছোঁ।

১৯৭২-২০২৫ : অৰ্ধ শতিকাজোৰা জুবিন গাৰ্গৰ যৱনিকা
১৯৭২-২০২৫ : অৰ্ধ শতিকাজোৰা জুবিন গাৰ্গৰ যৱনিকা

মাত্ৰ ৫৩ বছৰ বয়সতে তেওঁ অসমৰ সংগীত, চলচ্চিত্ৰ, সাহিত্য তথা সমাজ জীৱনলৈ আগবঢ়াই গ’ল অপৰিসীম অৱদান। এয়া কোনো এক মুখৰ কথা নহয়। তেওঁৰ সৃষ্টিৰ হিচাপ আঙুলিৰ মূৰত লেখিব শেষ কৰিব নোৱৰা। জুবিনৰ শৈশৱ, কৈশোৰ, যৌৱন আৰু তেওঁৰ সৃষ্টি সামৰি এক ক্ষুদ্ৰ অৱলোকন।

১৯৭২ চনৰ ১৮ নৱেম্বৰত জন্মগ্ৰহণ কৰিছিল জুবিন গাৰ্গে। তেওঁৰ প্ৰকৃত নাম হৈছে জুবিন বৰঠাকুৰ। তেওঁ এনে এগৰাকী সংগীতজ্ঞ যিয়ে অসমীয়া, বাংলা আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু সংগীত জগতলৈ অনবদ্য অৱদান আগবঢ়াই গৈছে।

 

zubeen 696x392 1 | ASSAM TIMES POSTকেৱল সেয়াই নহয়, বিষ্ণুপ্ৰিয়া মণিপুৰী, আদি, বড়ো, ইংৰাজী, গোৱালপৰীয়া, কাথৈনাড়া, কাৰ্বি, মালায়ালম, মাৰাঠী, মিছিং, নেপালী, ওড়িয়া, সংস্কৃত, সিন্ধী, তামিল, তেলেগু, তিৱাকে আদি কৰি আন ৪০ টা ভাষা আৰু উপভাষাতো তেওঁ গীত গাইছিল। আনহাতে, ঢোল, দোতৰা, ডগৰ, গীটাৰ, হাৰমনিয়াম, মেণ্ডোলিন, কীবৰ্ড, তবলা আৰু বিভিন্ন পাৰ্কাচন বাদ্যকে ধৰি ১২টা বাদ্যযন্ত্ৰত পাকৈত আছিল তেওঁ।

আৰম্ভণি জীৱন:
মেঘালয়ৰ তুৰাত জন্ম জুবিনৰ। এক অসমীয়া ব্ৰাহ্মণ পৰিয়ালত তেওঁৰ জন্ম। পিতৃ হৈছে মোহিনী মোহন বৰঠাকুৰ ওৰফে কপিল ঠাকুৰ আৰু মাতৃ প্ৰয়াত ইলী বৰঠাকুৰ।

 

সংগীত সুৰকাৰ জুবিন মেহতাৰ নামেৰে তেওঁৰ নাম নামকৰণ কৰা হয়। অৱশ্যে পিছত তেওঁৰ গোত্ৰ গাৰ্গক উপাধি হিচাপে ব্যৱহাৰ কৰে। তেওঁৰ পিতৃ মোহিনী বৰঠাকুৰ এগৰাকী দণ্ডাধীশ আছিল আৰু কপিল ঠাকুৰ নামেৰে তেওঁ গীতিকাৰ আৰু কবি হিচাপে প্ৰখ্যাত। আনহাতে, মাতৃ প্ৰয়াত ইলী বৰঠাকুৰ এগৰাকী গায়িকা আছিল।

জুবিন গাৰ্গে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কৰিমগঞ্জ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰাৰ পিছত বি বৰুৱা মহাবিদ্যালয়ত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ সুৰৰ জগতত প্ৰৱেশ কৰি এগৰাকী গায়ক হিচাপে নিজৰ জীৱনত মনোনিবেশ কৰে।

জুবিন গাৰ্গৰ কনিষ্ঠ ভগ্নী জংকী বৰঠাকুৰ আছিল এগৰাকী অভিনেত্ৰী তথা কণ্ঠশিল্পী। কিন্তু ২০০২ চনৰ ফেব্ৰুৱাৰী মাহত শোণিতপুৰ জিলাত তেওঁৰ সহশিল্পীৰ সৈতে মঞ্চ অনুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱাৰ সময়ত এক গাড়ী দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়। ২০০২ চনত তেওঁ জংকী বৰঠাকুৰৰ স্মৃতিত শিশু এলবামটো মুকলি কৰিছিল। তেওঁৰ আন এগৰাকী ভগ্নী হৈছে ডাঃ পালমি বৰঠাকুৰ।

সংগীত ক্ষেত্ৰত যাত্ৰা:
জুবিন গাৰ্গে মাত্ৰ তিনি বছৰ বয়সৰ পৰাই গান গাবলৈ আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথম গুৰু আছিল তেওঁৰ মাতৃ। তেওঁৰ পৰাই তেওঁ গান গাবলৈ শিকিছিল আৰু পণ্ডিত ৰবীন বেনাৰ্জীৰ তত্ত্বাৱধানত তেওঁ ১১ বছৰ ধৰি তবলাবাদন শিকিছিল। গুৰু ৰমণী ৰায়ে তেওঁক অসমীয়া লোকসংগীতৰ সৈতে পৰিচয় কৰাই দিছিল। জুবিন গাৰ্গে স্কুলীয়া দিনৰে পৰা গীত ৰচনা কৰি আহিছিল।

কণ্ঠশিল্পীৰ কেৰিয়াৰ:
১৯৯২ চনত অনুষ্ঠিত যুৱ মহোৎসৱত পশ্চিমীয়া সংগীতৰ একক কণ্ঠৰ বাবে জুবিন গাৰ্গে স্বৰ্ণ পদক লাভ কৰি পেছাদাৰী গায়ক হোৱাৰ আত্মবিশ্বাস লাভ কৰে। ইয়াৰ পিছত ১৯৯২ চনৰ নৱেম্বৰ মাহত মুক্তি পোৱা প্ৰথম অসমীয়া এলবাম অনামিকাৰ জৰিয়তে পেছাদাৰী সংগীতৰ জগতত প্ৰৱেশ কৰে। ইয়াৰ পিছত ক্ৰমান্বয়ে তেওঁৰ আন কেইবাটাও এলবাম যেনে সপোনৰ সুৰ (১৯৯২), জোনাকী মন (১৯৯৩), মায়া (১৯৯৪), আশা (১৯৯৫) আদি মুক্তি পায়।

তেওঁৰ প্ৰথম বিহু এলবাম হৈছে উজান পীৰিতি, যিটো ব্যৱসায়িকভাৱে অতি সফল।

বলীউডৰ কণ্ঠশিল্পী হিচাপে কেৰিয়াৰ:

১৯৯৫ চনৰ মাজভাগত জুবিন গাৰ্গে বলীউড সংগীত জগতত কাম কৰিবলৈ মুম্বাইলৈ গুচি যায় আৰু তাৰ পৰাই তেওঁ প্ৰথম ইণ্ডিপপ একক এলবাম ‘চান্দনী ৰাত’ত আত্মপ্ৰকাশ কৰে।

পিছলৈ তেওঁ কেইটামান হিন্দী এলবাম আৰু ৰিমিক্স গীত যেনে চন্দা (১৯৯৬), শ্ৰদ্ধাঞ্জলি ভলঃ ১, ২, ৩ (১৯৯৬-৯৭), জলৱা (১৯৯৮), ইউহি কভি (১৯৯৮), যাদু (১৯৯৯), স্পৰ্শ (২০০০) ইত্যাদি ৰিমিক্স গীত ৰেকৰ্ডিং কৰে। তেওঁ গদ্দাৰ (১৯৯৫), দিল ছে (১৯৯৮), ডলি চাজা কে ৰাখনা (১৯৯৮), ফিজা (২০০০), কাঁটে (২০০২) আদি বিভিন্ন ছবিৰ বাবে গান গাবলৈ সুবিধা পাইছিল। ২০০৩ চনত তেওঁ মুদ্দা-দ্য ইছ্যু চিনেমাৰ “স্বপ্নে ছাৰে” আৰু “খোৱাবো কি”, চুপকে ছে ছবিৰ “মাংগো আগৰ দিল ছে তোহ খোদা”, মুম্বাই চে আয়া মেৰা দোস্ত চিনেমাৰ “হোলী ৰে” আৰু জাল: দ্য ট্ৰেপ চিনেমাৰ “জো প্যাৰ তুমনে” গীতত কণ্ঠ নিগৰাইছিল।

বাংলা সংগীত জগতত প্ৰৱেশ:
বলীউড আৰু অসমীয়া উদ্যোগত গান গোৱাৰ উপৰি তেওঁ ২০০৩ চনত বাংলা সংগীত জগতত অভিষেক ঘটায়। সেই সময়ত তেওঁ বাংলা ছবিত দুটা গীত গাইছিল। পিছৰ বছৰত তেওঁ শুধু তুমি ছবিত তিনিটা গীত গাইছিল আৰু ছবিখনৰ সংগীত পৰিচালক আছিল। ২০০৫ চনত তেওঁ প্ৰেমী চিনেমাত “অ’ বন্ধুৰে” আৰু “লাগেনা ভালো” গান গাইছিল।

জুবিনৰ অতি জনপ্ৰিয় গীত “য়া আলী”:
বলীউডত জুবিনে আটাইতকৈ ডাঙৰ সন্মান লাভ কৰিছিল গেংষ্টাৰ চিনেমাখনৰ পৰা। তাত তেওঁ “য়া আলী” গানটো গাইছিল। এই গানটোত তেওঁ ২০০৬ চনত শ্ৰেষ্ঠ পাৰ্শ্ব গায়ক গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ডছ (GIFA) বঁটা লাভ কৰে। তেওঁৰ পৰৱৰ্তী হিন্দী এলবাম জিন্দেগী ২০০৭ চনত মুক্তি পায়। ২০০৮ চনত তেওঁ মন মানে না চিনেমাৰ “মন মানে না”, চিৰোডিনি তুমি জে আমাৰ চিনেমাৰ “পিয়া ৰে পিয়া ৰে”, আৰু লাভ চিনেমাৰ “মন জেতে চায়া শুধু” আদি কেইবাটাও বাংলা গীত ৰেকৰ্ডিং কৰে।

সমাজ সেৱা:
জুবিন গাৰ্গে বিভিন্ন কামৰ বাবে ধন আগবঢ়োৱা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডে;ন নামৰ এটা দাতব্য সংস্থা চলাইছিল। অসমত বিধ্বংসী বানৰ সময়ত কাপোৰ-কানি, ঔষধ আৰু দান-বৰঙণি আগবঢ়াবলৈ আহ্বান জনায়। এ পি এছ চিৰ নিযুক্তিত হোৱা দুৰ্নীতিক লৈ তেওঁ নিজৰ চিনেমা কাঞ্চনজংঘাত এই বিষয়টো উপস্থাপন কৰিছিল।
তেওঁ এগৰাকী ফুটবল অনুৰাগী আছিল। তেওঁ বানাক্ৰান্ত লোকৰ বাবে ধন সংগ্ৰহৰ বাবে খেলো খেলিছে।

আনহাতে, অসমৰ ‘কা’ বিৰোধী প্ৰতিবাদৰ অন্যতম অৰাজনৈতিক ব্যক্তিত্ব আছিল জুবিন গাৰ্গ। ২০২১ চনৰ মে’ মাহত ক’ভিড-১৯ উত্থানৰ সময়ত জুবিন গাৰ্গে গুৱাহাটীত থকা দুমহলীয়া ঘৰটো ক’ভিড কেয়াৰ চেণ্টাৰলৈ ৰূপান্তৰিত কৰাৰ প্ৰস্তাৱ দিছিল। এই উদাৰ কাৰ্য্যৰ লক্ষ্য আছিল জটিল সময়ত ৰোগীৰ বাবে বিছনাৰ চাহিদা দূৰ কৰা।

ব্যক্তিগত জীৱন:
২০০২ চনৰ ৪ ফেব্ৰুৱাৰীত জুবিন গাৰ্গে গোলাঘাটৰ ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াক বিয়া কৰায়।
সংগীত পৰিচালক হিচাপে জুবিন গাৰ্গ
অসমীয়া চলচ্চিত্ৰ
হিয়া দিয়া নিয়া (২০০০)
তুমি মোৰ মাথোঁ মোৰ (২০০০)
মৰমে মৰম জানে (২০০০)
দাগ (২০০১)
শেষ উপহাৰ (২০০১)
নায়ক (২০০১)
প্ৰেম আৰু প্ৰেম (২০০২)
কন্যাদান (২০০২)
জোনাকী মন (২০০২)
জীৱন নদীৰ দুটি পাৰ (২০০২)
অগ্নিসাক্ষী (২০০৩)
প্ৰিয়া মিলন (২০০৩)
বিধাতা (২০০৩)
জুমন-চুমন (২০০৩)
বাৰুদ (২০০৪)
ৰং (২০০৪)
দীনবন্ধু (২০০৪)
অধিনায়ক (২০০৬)
আমি অসমীয়া (২০০৬)
মন যায় (২০০৮)
এখন নেদেখা নদীৰ সিপাৰে (২০১২)
ৰ’দৰ চিঠি (২০১৪)
গানে কি আনে (২০১৬)
এণ্টাৰিন (২০১৭)
মিছন চাইনা (২০১৭)
প্ৰিয়াৰ প্ৰিয়া (২০১৭)
আণ্ডাৰৱৰ্ল্ড (২০১৮)
কাঞ্চনজংঘা (২০১৯)
ৰত্নাকৰ (২০১৯)
প্ৰতিঘাত (২০১৯)
ডাঃ বেজবৰুৱা ২ (২০২৩)
দ্য শ্লেম বুক (২০২৩)
ৰাঘৱ (২০২৩)
চিকাৰ (২০২৪)
ভাইমন দা (২০২৫)
যোদ্ধা (২০২৫)
হোমৱৰ্ক (২০২৫)
ৰৈ ৰৈ বিনালে (২০২৫)

বাংলা চলচ্চিত্ৰ

সুধু তুমি (২০০৪)
মন নিয়ে (২০১০)
কাচে আছ তুমি (২০১০)
সংসাৰ (২০১৯)

হিন্দী ছবি

ষ্ট্ৰীংছ – বাউণ্ড দা ফেইথ (২০০৬)
দিল তো দীৱানা হ্যে (২০১৬)
হোমৱৰ্ক (২০২৫)

অভিনেতা হিচাপে জুবিনৰ ছবি

২০০০ চনত তুমি মোৰ মাথোঁ মোৰ
২০০২ চনত প্ৰেম আৰু প্ৰেম, “চকুৱে চকুৱে” গীতত বিশেষ উপস্থিতি।
২০০৪ চনত দীনবন্ধু
২০০৬ চনত গেংষ্টাৰ, “য়া আলী” গীতত বিশেষ উপস্থিতি।
২০০৭চনত বিগ ব্রাদাৰ, “জগ লাল লাল” গীতত বিশেষ উপস্থিতি।
২০০৮ চনত মন যায়
২০১১ চনত ৰামধেনু, “টুপী” গীতত বিশেষ উপস্থিতি।
২০১৩ চনত ভাল পাব নাজানিলো
২০১৪ চনত চুমা পৰশতে, “চুমা পৰশতে” গীতত বিশেষ উপস্থিতি,
২০১৫ চনত ৰʼদৰ চিঠি, অহেতুক, “অহেতুক” গীতত বিশেষ উপস্থিতি।
২০১৬ চনত গানে কি আনে, সাত নম্বৰৰ সন্ধানত
২০১৭ চনত মিছন চাইনা, তুমি আহিবানে, বিশেষ ৰূপত, প্ৰিয়াৰ প্ৰিয়া
২০১৮ চনত দ্য আণ্ডাৰৱৰ্ল্ড
২০১৯ চনত কাঞ্চনজংঘা, প্ৰতিঘাত, “প্ৰতিঘাত” গীতত বিশেষ উপস্থিতি।
২০২২ চনত ৰাজনীতি – প্ৰথম খণ্ড
২০২৩ চনত ড° বেজবৰুৱা ২
২০২৪ চনত ৱাইড এংগল, চিকাৰ
২০২৫ চনত ঘৰুৱা কাম, “যন্ত্ৰ” গীতত বিশেষ উপস্থিতি।

টেলিভিছনত

২০১০-১১ চনত অনুৰাধা

পৰিচালক হিচাপে

২০০০ চনত তুমি মোৰ মাথোঁ মোৰ
২০১৭ চনত মিছন চাইনা
২০১৯ চনত কাঞ্চনজংঘা

প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ হিচাপে

২০০৪ চনত দীনবন্ধু
২০১৭ চনত মিছন চাইনা
২০১৯ চনত কাঞ্চনজংঘা
২০২৫ চনত ৰৈ ৰৈ বিনালে (অসমাপ্ত)

চিত্ৰনাট্যকাৰ

২০০০ চনত তুমি মোৰ মাথোঁ মোৰ
২০১৭ চনত মিছন চাইনা
২০১৯ চনত কাঞ্চনজংঘা
২০২৫ চনত ৰৈ ৰৈ বিনালে (অসমাপ্ত)

বিচাৰক হিচাপে

২০০২ চনত জিটিভি সাৰেগামাপাৰ অতিথি বিচাৰক
২০০৭-০৮ চনত জি বাংলাৰ সাৰেগামাপা লিটিল চেম্পছৰ অতিথি বিচাৰক
২০১৩-১৪ চনত ৰেঙনিত মই জুবিন গাৰ্গ হ’ব বিচাৰোঁ

গ্ৰন্থ
২০১৭ চনত তেওঁৰ কবিতা গ্ৰন্থৰ বাবে সেউজী সেউজী বঁটা লাভ কৰিছিল।
২০০৯ চনত প্ৰকাশ পায় শব্দ অনুভূতি
২০১৮ চনত প্ৰকাশ পায় জুবিনৰ পদ্য
২০২০ চনত প্ৰকাশ পায় জুবিনৰ পদ্য (দ্বিতীয় সংস্কৰণ)

Tags: জুবিন গাৰ্গৰ যৱনিকা১৯৭২-২০২৫ : অৰ্ধ শতিকাজোৰা
Share4Tweet3Send

Related Posts

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized
Assam

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

by Staff Reporter
June 9, 2026
50
Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win
Assam

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

by Staff Reporter
June 9, 2026
50
Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে
Assam

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

by News Desk
June 8, 2026
50
Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

by Staff Reporter
June 8, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

by News Desk
June 7, 2026
50
ADVERTISEMENT
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

June 11, 2026
50
Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১
National-International

Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

June 11, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

June 11, 2026
50
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

June 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

June 11, 2026
Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

June 11, 2026
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

June 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx