
ছিংগাপুৰত সম্পন্ন হৈছে জুবিন গাৰ্গৰ (Zubeen Garg) মৰণোত্তৰ পৰীক্ষা। ছিংগাপুৰ কৰ্তৃপক্ষৰ দ্বাৰা জেনেৰেল হাস্পতালত সম্পন্ন হয় জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। এই কথা জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে, মৰণোত্তৰ পৰীক্ষাৰ অন্তত ছিংগাপুৰ কৰ্তৃপক্ষই ভাৰতীয় উচ্চাযুক্তৰ উপস্থিতিত জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, বাদ্যযন্ত্ৰী শেখৰ আৰু ভতিজাক প্ৰিয়ম গাৰ্গৰ হাতত অৰ্পণ কৰিছে। লগতে মৃতদেহ হস্তান্তৰৰ আনুষ্ঠানিক পত্রও প্ৰদান কৰিছে।
এতিয়া পৰৱৰ্ত্তী পদক্ষেপ হিচাপে জুবিন গাৰ্গৰ নশ্বৰ দেহ চিংগাপুৰৰ পৰা দিল্লী বা কলকাতালৈ আহিব লগা প্ৰথমখন বিমানত অনা হ’ব।
তাৰ পিছত দিল্লী বা কলকাতাৰ পৰা বিশেষ এয়াৰ এম্বুলেন্সৰ দ্বাৰা গুৱাহাটীলৈ অনা হ’ব। ইতিমধ্যে জুবিনৰ মৃতদেহ বিমানত আনিবৰ বাবে কফিনত ভৰাবলৈ যি প্ৰক্ৰিয়া কৰিব লাগে সেয়া কৰি থকা হৈছে। জানিব পৰা মতে, জুবিনৰ পাৰ্থিৱ শৰীৰ ছিংগাপুৰৰ পৰা গুৱাহাটী পাবলৈ প্ৰায় ১০ ঘণ্টা সময় লাগিব।
ইফালে অনুৰাগীৰ অন্তিম শ্ৰদ্ধা তথা দৰ্শনৰ বাবে জুবিনৰ মৃতদেহ সৰুসজাই ষ্টেডিয়ামত ৰখাৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে। সম্পূৰ্ণ চৰকাৰী ব্যৱস্থাৰে সৰুসজাই ষ্টেডিয়ামত জুবিনৰ প্ৰতি অন্তিম শ্ৰদ্ধাঞ্জলি নিবেদনৰ ব্যবস্থা কৰা হৈছে।
এই সমগ্ৰ প্ৰক্ৰিয়া তদাৰক কৰিবলৈ মুখ্যমন্ত্ৰী নিজে গৈ সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈছে। উল্লেখযোগ্য যে সৰুসজাই ষ্টেডিয়ামলৈ অনাৰ পূৰ্বে জুবিনৰ নশ্বৰ দেহ তেওঁৰ বাসগৃহলৈ নিয়া হ’ব। তাত পৰিয়ালৰ লোকে তেওঁৰ প্ৰতি অন্তিম শ্ৰদ্ধা নিবেদন কৰিব।
অৱশ্যে তাত কোনো সাধাৰণ মানুহক এই সুবিধা দিয়া নহয়। আনহাতে, সৰুসজাই ষ্টেডিয়ামত জুবিনক শেষ শ্ৰদ্ধা জনাবলৈ তেওঁৰ পাৰ্থিৱ শৰীৰ এতিয়ালৈকে এদিন ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে। আনহাতে, পৰিয়ালৰ সৈতে আলোচনা কৰি নিৰ্ধাৰণ কৰা হ’ব শেষকৃত্যৰ স্থান।












